গুৱাহাটী,২১ জানুৱাৰী:দক্ষিণৰ চুপাৰষ্টাৰ ধনুষ আৰু তেওঁৰ পত্নী তথা ৰজনীকান্তৰ জীয়ৰী ঐশ্বৰ্য ৰজনীকান্তৰ বিচ্ছেদৰ খবৰে সকলোকে হতবাক কৰি তুলিছে। ১৮ বছৰ ধৰি একেলগে বাস কৰা দম্পতীহালে শেহতীয়াকৈ তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰে। দুয়োজনে তেওঁলোকৰ নিজ নিজ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে এই বিষয়ে ৰাইজক জনায়। এতিয়া আকৌ অভিনেতা ধনুষৰ দেউতাক আৰু চলচ্চিত্ৰ নিৰ্মাতা কস্তুৰী ৰাজাৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি অস্বীকাৰ কৰিছে।
এটা বাতৰি পৰ্টেলৰ সৈতে কথা পাতি ধনুষৰ পিতৃয়ে কয় যে, ‘এইটো এটা পাৰিবাৰিক কাজিয়া যি সাধাৰণতে বিবাহিত দম্পতীৰ মাজত সংঘটিত হয়। কাজিয়াখন দুয়োৰে দৃষ্টিভংগীৰ পৃথকীকৰণৰ ফলত হৈছিল। দুয়োজন বৰ্তমান চেন্নাইত নাই, হায়দৰাবাদত বাস কৰি আছে। মই তেওঁলোক দুয়োকে ফোন কৰিছো আৰু তেওঁলোকক এটা পৰামৰ্শ দিছো। ‘
ধনুষে নিজৰ বিবাহ বিচ্ছেদৰ কথা জনাই লিখিছিল যে, “১৮ বছৰ বন্ধুৰ দৰে, দম্পতীৰ দৰে আৰু পিতৃ-মাতৃৰ দৰে, ইজনে সিজনৰ শুভাকাংক্ষীৰ দৰে, এই যাত্ৰা টো বাঢ়ি গৈছিল। বুজি পাইছিলো, মিলাই লৈছিলো, গ্ৰহণ কৰিছিলো। আজি আমি থিয় হৈ আছোঁ য’ত আমাৰ পথবোৰ পৃথক হৈ আছে… ঐশ্বৰ্য আৰু মই পৃথক হোৱাৰ সিদ্ধান্ত লৈছো, আমি বেলেগ ধৰণে ভাল বুলি বুজিবলৈ আমাক সময় লাগিছিল। আমাৰ সিদ্ধান্তক সন্মান কৰক আৰু ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ আমাক আমাৰ গোপনীয়তা দিয়ক।”
Comments