Classifieds
View All
সোণাৰি, ২১ জানুৱাৰীঃ চৰাইদেউ জিলাত নিয়োজিত হৈ থকা চি আৰ পি এফৰ উদ্যোগত বৰহাটৰ সমীপৰ ডাবোলোহাবি আৰু নগাহাট গাওঁত স্থাপন কৰিব লোৱা সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট সেৱাৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়।
এই উপলক্ষে নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি এক অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চৰাইদেউ জিলাৰ উপায়ুক্ত প'ল বৰুৱাই সৌৰশক্তি চালিত ষ্ট্ৰীট লাইট আঁচনিটো আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।
অনুষ্ঠানত চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিং, চি আৰ পি এফৰ ১৪৯ বেটেলিয়নৰ কমাণ্ডেন্ট ললিত কুমাৰ বাৰ্মা আদি বিশিষ্ট অতিথি সকলে ভাষণ দিয়ে। অনুষ্ঠানৰ লগত সংগতি ৰাখি স্থানীয় স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন গীত-নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে।
Comments