গুৱাহাটী,২১ জানুৱাৰী:বিগত ১৭ জানুৱাৰী তাৰিখে ঘোষিত হোৱা স্নাতক তৃতীয় ষান্মাসিকৰ ফলাফলত দেখা দিয়া বিসংগতি সম্পর্কে আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মুখ্য পৰীক্ষা নিয়ন্ত্রক আৰু বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন মহাবিদ্যালয় সমূহৰ ছাত্ৰ প্ৰতিনিধি সকলৰ মাজত এক বৈঠক অনুষ্ঠিত হয় । গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ প্ৰচেষ্টাত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰায় অৰ্ধ শতাধিক মহাবিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্রহণ কৰি আৰু মুখ্য পৰীক্ষা নিয়ন্ত্রক ধ্ৰুৱজ্যোতি চৌধুৰীক স্মাৰক পত্ৰ প্ৰদানৰ লগতে ফলাফলত দেখা দিয়া বিভিন্ন সমস্যা সমূহৰ বিশ্লেষণ দাঙি ধৰে।
সমস্যা সমূহৰ বুজ লৈ মুখ্য পৰীক্ষা নিয়ন্ত্রক ধ্ৰুৱজ্যোতি চৌধুৰী ডাঙৰীয়াই ছাত্ৰ- ছাত্ৰী সকলক আশ্বাস দিয়ে যে তেওঁ অনতিপলমে এই সমস্যা সমূহৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰিব আৰু ছাত্ৰ-ছাত্ৰী সকলৰ হিতৰ পক্ষে পদক্ষেপ গ্রহণ কৰিব | স্নাতকোত্তৰ ছাত্র সন্থাই সভাপতি হেমেন কলিতাই আঁত ধৰা এই বৈঠকত ধ্ৰুৱজ্যোতি চৌধুৰী লগতে উপস্থিত থাকে স্নাতকোত্তৰ শ্ৰেণীৰ উপ সচিব অৰিজিৎ বৰা, বিশ্ববিদ্যালয়ৰ উপ: পঞ্জীয়ক প্ৰশান্ত বৰ্মন ,উপ পৰীক্ষা নিয়ন্ত্রক প্ৰনৱ কুমাৰ দাস আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিষয় ববীয়া সকল আৰু স্নাতকোত্তৰ ছাত্র সন্থাৰ সদস্য ৰশ্মি কলিতা, জ্ঞানপ্ৰতিম দেৱ শৰ্মা, ভাস্বতী দেৱী, পল্লৱ হাজৰিকা।
Comments