সোণাৰি , ২১ জানুৱাৰীঃ চৰাইদেউ জিলাৰ অসম নগালেণ্ডৰ সীমান্তৱৰ্তী নামতোলা অঞ্চলত সক্ৰিয় হৈ থকা এটা ড্ৰাগছ মাফিয়াৰ দলে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমিয়া ব্যৱসায় চলাই থকাৰ সম্পৰ্কে আজি দৈনিক জনমভূমিৰ পৃষ্ঠাত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে নামতোলা আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সহ দুই সেৱণকাৰীক আটক কৰা ঘটনাই বাতিৰিটোৰ সত্যতা প্ৰতিপন্ন কৰিলে।
চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ নিৰ্দেশ ক্ৰমে নামতোলা আৰক্ষীৰ দল এটাই আজি পুৱা অভিযান চলাই কিছু পৰিমাণৰ ড্ৰাগছ আৰু এখন স্কুটি সহ আটক কৰিলে দুই যুৱকক। যুৱক দুজনৰ নাম বিপ্লৱ গগৈ আৰু ৰাহুল ফুকন। ধৃত বিপ্লৱৰ ঘৰ সৰুপথাৰ আৰু ৰাহুল ফুকনৰ ঘৰ টিংখঙত বুলি জানিব পৰা গৈছে। গোপন সূত্ৰৰ পম খেদি নামতোলাৰ হাতীকেম্পত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী দুজনক আটক কৰে আৰক্ষীয়ে।
দুয়োজনৰ বিৰুদ্ধে ইতিমধ্যে নামতোলা আৰক্ষী থানাত 21a/27/29/NDPS actৰ অধীনত এটা গোচৰ ৰুজু কৰি অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে। মন কৰিবলগীয়া যে সোণাৰিৰ অসম-নগালেণ্ড সীমান্তৰ নামতোলা নিষিদ্ধ ড্ৰাগছৰ অবৈধ ঘাটিত পৰিণত হৈছে ইতিমধ্যে। উল্লেখযোগ্য যে পূৰ্বে ড্ৰাগছ ব্যৱসায়ী সকলে ডিমাপুৰৰ পৰা ড্ৰাগছ আনি নামতোলাত বিক্ৰী কৰিছিল। কিন্তু শেহতীয়াকৈ অসম আৰক্ষীয়ে ৰাজ্যব্যপি ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ পৰিপ্ৰেক্ষিতত ড্ৰাগছ মাফিয়াৰ দলটোৱে ডিমাপুৰৰ সলনি ম্যানমাৰৰ পৰা নগালেণ্ডৰ মন জিলাৰ লংৱা আন্তঃ ৰাষ্ট্ৰীয় সীমাৰে ড্ৰাগছ সৰবৰাহ কৰি আনি নামতোলাত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা গ্ৰাহকক যোগান ধৰি আহিছে।
মন জিলাৰ একাংশ নগা ড্ৰাগছ মাফিয়াৰ পৃষ্ঠপোষকতাত নামতোলাৰ ড্ৰাগছ ব্যৱসায়ী সকলে অব্যাহত ৰখা এই বেআইনী ব্যৱসায়টো বন্ধ কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় সচেতন মহলে চৰাইদেউ আৰক্ষীক দাবী জনাইছে।
Comments