গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২১ জানুৱাৰী ঃ কাইলৈৰ পৰা বি পি এফে আনুষ্ঠানিকভাৱে মিত্রজোঁট চৰকাৰৰ অংশীদাৰ দল হৈ পৰিব৷ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক সমর্থন জনাই যাব বুলি দলটোৰ নেতা হাগ্রামা মহিলাৰীয়ে ইতিমধ্যে পত্রযোগে অৱগত কৰিছিল যদিও কাইলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত বি পি এফৰ বিধায়কসকলে চৰকাৰক সকলোধৰণৰ সমর্থন জনোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ কথা৷
উল্লেখযোগ্য যে পূর্ব নিধাৰিত সূচী অনুসৰি মুখ্যমন্ত্রী ড০ শর্মাই ২০ জানুৱাৰীত বি পি এফৰ বিধায়কসকল তথা দলটোৱে চৰকাৰক সমর্থন জনোৱাটো ঘোষণা কৰাৰ কথা আছিল যদিও মেঘালয়ৰ মুখ্যমন্ত্রীৰ লগত দিল্লী যাত্রা কৰিবলগীয়া হোৱাৰ বাবে সেই কার্যসূচী বাতিল হৈছিল বুলি জানিব পৰা গৈছে৷
বিজেপিয়ে বড়োসকলৰ আনটো ৰাজনৈতিক দল ইউ পি পি এলক মিত্রজোঁটৰ অংশীদাৰ দল কৰি বি পি এফক এঘৰীয়া কৰিছিল যদিও ৰাজনৈতিক শক্তি পুনৰ ঘূৰাই আনিবলৈ হাগ্রামা মহিলাৰীয়ে বিজেপিৰ শৰণাপন্ন হৈছে৷ অৱশ্যে আলহী আহিলে বাধা নিদিওঁ বুলি উল্লেখ কৰি বি পি এফৰ বাবে ইউ পি পি এলক অসন্তুষ্ট কৰা নহয় বুলি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো ইতিমধ্যে ঘোষণা কৰিছে৷
বি পি এফৰ সূত্রৰ পৰা জানিব পৰা মতে, মিত্রজোঁট চৰকাৰৰ অংশীদাৰ দল হ’লেও বি পি এফে ইউ পি পি এলৰ লগত বি টি আৰত দূৰত্ব বর্তাই ৰাখিব৷ কাইলৈ দলটোৰ কার্যকৰী কমিটীৰ বৈঠক মুছলপুৰত অনুষ্ঠিত হ’ব আৰু সন্ধিয়া মুখ্যমন্ত্রী ড০ শর্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে চৰকাৰক সমর্থন দিয়াৰ কথা ঘোষণা কৰিব বুলি জানিব পৰা গৈছে৷
Comments