গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ২১ জানুৱাৰী ঃ দেশৰ সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রীসকলৰ তালিকাত স্থান লাভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ৰাষ্ট্রীয় আলোচনী ইণ্ডিয়া টুডেই চলোৱা এক সমীক্ষা অনুসৰি দেশৰ দহজন জনপ্রিয় মুখ্যমন্ত্রীৰ ভিতৰত সপ্তম স্থানত আছে অসমৰ মুখ্যমন্ত্রীজন৷ আনহাতে, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ ভিতৰত প্রথম স্থানতে আছে ড০ শর্মা৷
এইক্ষেত্রত উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথকো আনকি ড০ শর্মাই পিছ পেলাবলৈ সক্ষম হৈছে৷ সমীক্ষাটোৰ মতে, দেশৰ ভিতৰতে সর্বাধিক জনপ্রিয় মুখ্যমন্ত্রী হিচাপে বিবেচিত হৈছে ওড়িষাৰ মুখ্যমন্ত্রী নবীন পাটনায়ক৷ ৭১ শতাংশ লোকে পাটনায়কৰ কাম-কাজক লৈ সন্তুষ্টি প্রকাশ কৰিছে৷
আনহাতে, দ্বিতীয় স্থানত আছে মমতা বেনার্জী৷ ৬৯.৯ শতাংশৰে জনপ্রিয় মুখ্যমন্ত্রীৰ দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ ৬৭.৫ শতাংশৰে তৃতীয় স্থানত আছে তামিলনাডুৰ মুখ্যমন্ত্রী এম কে ষ্টেলিন৷ ইয়াৰ পাছতে চতুর্থ স্থানত আছে মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰে, পঞ্চম স্থানত কেৰালাৰ মুখ্যমন্ত্রী পি বিজায়ন আৰু ষষ্ঠ স্থানত আছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল৷
ইফালে ৫৬.৬ শতাংশ লোকে ড০হিমন্ত বিশ্ব শর্মাৰ কাম-কাজক লৈ সন্তুষ্টি ব্যক্ত কৰাত তেওঁ এই তালিকাত সপ্তম স্থান লাভ কৰিছে৷ মন কৰিব লগীয়া যে ৰাজ্যৰ মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰাৰ পাছৰে পৰাই ড০ শর্মাই সীমা সমস্যাকেধৰি ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যা সমাধানৰ বাবে চেষ্টা চলাই আছে৷ একেদৰে নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি এক লাখ লোকক চাকৰি দিয়াৰ প্রক্রিয়া আৰম্ভ কৰাৰ লগতে মুখ্যমন্ত্রীজনে মাইক্র’ ফাইনেঞ্চৰ পৰা ঋণ লোৱা মহিলাসকলক আর্থিক সাহায্য প্রদান কৰিও সকলোৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷
Comments