লখিমপুৰ ঃ ষ্টাফ ৰিপ’র্টাৰ, ২১ জানুৱাৰী ঃ কিশোৰীক যৌন নির্যাতনৰ গোচৰত আগতীয়া জামিন গুৱাহাটী উচচ ন্যায়ালয়ে নাকচ কৰাৰ পাছত আজি উদ্ধৱ ভৰালীয়ে লখিমপুৰৰ বিশেষ ন্যায়িক দণ্ডাধীশৰ আদালতত আত্মসমর্পণ কৰে৷ ইয়াৰ পাছতে ভৰালীক আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ নির্দেশ দিয়াৰ পাছতেই জে’ললৈ প্রেৰণ কৰে৷
উল্লেখযোগ্য যে গুৱাহাটী উচচ ন্যায়ালয়ৰ ন্যায়াধীশ হিতেশ কুমাৰ শর্মাৰ এজনীয়া বিচাৰপীঠে ভৰালীক আগতীয়া জামিন প্রদান কৰিবলৈ অস্বীকাৰ কৰে৷ উল্লেখযোগ্য যে কিশোৰীক যৌন নির্যাতন সন্দর্ভত পদ্মশ্রীপ্রাপক উদ্ধৱ ভৰালীৰ বিৰুদ্ধে লখিমপুৰ সদৰ থানাত 1332/2021 আৰু পক৲ছ’ আইনৰ ৬নং ধাৰা, IPC-376 (I), 376(A) আৰু 354 ধাৰাত এটা গোচৰ ৰুজু হৈছিল৷
কিন্তু ভৰালীয়ে উচচ ন্যায়ালয়ৰ পৰা অগ্রিম জামিন লৈছিল৷ এই গোচৰৰ শুনানি গ্রহণ কৰাৰ পাছত কালি গুৱাহাটী উচচ ন্যায়ালয়ে ভৰালীৰ আগতীয়া জামিন নাকচ কৰে৷ আদালতত ভৰালীৰ আগতীয়া জামিনৰ বিৰোধিতাৰে অসম চৰকাৰৰ হৈ যুক্তি দর্শাইছিল অধিবক্তা মাখন ফুকনে আৰু তেওঁক সহযোগিতা কৰিছিল ঋষিৰাজ কৌশিকে৷
ইফালে কালি জামিন আৱেদন নাকচ কৰাৰ খবৰ লাভ কৰাৰ পাছতেই উদ্ধৱ ভৰালীয়ে আজি পুৱাৰ ভাগত সংবাদ মাধ্যমৰ সন্মুখত তেওঁৰ প্রতিক্রিয়া ব্যক্ত কৰি কয়, ‘মই আইনৰ প্রতি বিশ্বাস ৰাখি আত্মসমর্পণ কৰিম, কেতিয়াও নপলাওঁ৷ মোৰ বিৰুদ্ধে হোৱা নিকৃষ্ট ষড়যন্ত্রৰ বলি হ’লোঁ মই৷ মই হাৰিলেও এদিন কিন্তু জয়ী হ’ম৷ ন্যায়িক জিম্মাত থাকি জাতিৰ স্বার্থত মই কাম কৰি যাম৷ জে’লৰ ভিতৰত ‘যন্ত্র আৰু যান্ত্রণা’ শীর্ষক গ্রন্থ লিখি মই জাতিক উপহাৰ দিম৷’
একে সময়তে তেওঁৰ তত্ত্বাৱধানত থকা আশ্রয়গৃহ আৰু অন্নপূর্ণা গৃহৰ খবৰ ল’বলৈ ৰাইজক আহবান জনালে ভৰালীয়ে৷ আনহাতে এই ৰায়দানৰ পাছতেই এক শোককুল পৰিৱেশে বিৰাজ কৰে তেওঁৰ তত্ত্বাৱধানত থকা আশ্রয়গৃহত৷ আশ্রয়গৃহৰ দুগৰাকী বৃদ্ধাই উদ্ধৱ ভৰালীৰ হাতে-ভৰিয়ে ধৰি কান্দি উঠে হুকহুকাই৷ ভৰালীৰ অধিবক্তাৰ মতে উদ্ধৱ ভৰালীয়ে দিনৰ প্রায় ১ বজাত নিজে ন্যায়ালয়লৈ আহি আত্মসমর্পণ কৰাৰ পাছত আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ নির্দেশ জাৰি কৰাৰ পাছতেই তেওঁক জে’ললৈ প্রেৰণ কৰা হয়৷
Comments