নতুন দিল্লী, ২১ জানুৱাৰীক্তঃ আমেৰিকাৰ ‘মর্নিং কনছাল্ট’ নামৰ এটা গ্ল’বেল লীডাৰ এপ্রুভেল ট্রেকাৰৰ মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদী বিশ্বৰ অতি জনপ্রিয় নেতা৷ ভাৰতৰ প্রাপ্তবয়স্ক জনসংখ্যাৰ ৭১ শতাংশৰ সমর্থন (এপ্রুভেল ৰেটিং) মোদীৰ আছে৷ গৱেষক প্রতিষ্ঠানটোৱে সমীক্ষা চলোৱা বিশ্বৰ ১৩জন নেতাৰ ভিতৰত ৭১ শতাংশ ৰেটিঙেৰে মোদীৰ স্থান শীর্ষত৷
মোদীৰ পাছতে স্থান লাভ কৰাসকল ক্রমে মেক্সিকোৰ ৰাষ্ট্রপতি এণ্ড্রেছ মেনুৱেল লোপেজ ওব্রাডোৰ (৬৬ শতাংশ), ইটালিৰ মাৰিঅ’ দ্রাঘি (৬০ শতাংশ) আৰু জাপানৰ ফুমিঅ’ কিশ্বিদা (৪৮ শতাংশ)৷ তদুপৰি মোদী ডিছ এপ্রুভেল ৰেটিঙো আটাইতকৈ কম– ২১ শতাংশ৷ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন আৰু কানাডাৰ জাষ্টিন ট্রুডোৰ এপ্রুভেল ৰেটিং ৪৩ শতাংশ আৰু তেওঁলোকৰ স্থান ক্রমে ষষ্ঠ আৰু সপ্তম৷
ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনৰ স্থান একেবাৰে তলত৷ তেওঁৰ এপ্রুভেল ৰেটিং ২৬ শতাংশ৷ যোৱা দুবছৰত প্রধানমন্ত্রী মোদীৰ এপ্রুভেল ৰেটিং ২০২০ চনৰ ২ মে’ত ৮৪ শতাংশ হৈছিল৷ ২০২১ চনৰ ৭ মে’ত তেওঁৰ এপ্রুভেল ৰেটিং আটাইতকৈ কম আছিল– ৬৩ শতাংশ৷ ভাৰতত সেই সময়ত কভিডৰ দ্বিতীয় ঢৌ উঠিছিল৷
আনহাতে, আমেৰিকাৰ ৰাষ্ট্রপতি পদত থকা অৱস্থাত বাইডেনৰ ৰেটিং আটাইতকৈ কমি ৪৩ শতাংশ হৈছে৷ কার্যভাৰ গ্রহণ কৰাৰ প্রথম মাহকেইটাত আছিল ৫০ শতাংশকৈও বেছি৷ উল্লেখযোগ্য যে মর্নিং কনছাল্টে সমগ্র বিশ্বত দৈনিক ২০ হাজাৰৰো অধিক প্রাপ্তবয়স্ক লোকৰ সাক্ষাৎকাৰৰ ভিত্তিত এই তালিকা প্রস্তুত কৰে৷
এইবাৰৰ তালিকাৰ পঞ্চম স্থানত আছে জার্মানিৰ চেঞ্চেলৰ ওলাফ স্কল৲জ৷ অষ্টমৰ পৰা ত্রয়োদশ স্থানত আছে৷ ক্রমে অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, স্পেইনৰ প্রধানমন্ত্রী পেড্রো ছানচেজ, দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জে-ইন, ব্রাজিলৰ ৰাষ্ট্রপতি বলছোনাৰো, ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রঁ আৰু ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছন৷
Comments