Classifieds
View All
গুৱাহাটী, ২২ জানুৱাৰীঃ ৰাজ্যত বিগত ২৪ ঘন্টাত ৬,৮৯৭ জন লোক নতুনকৈ ক'ভিড পজিটিভ হোৱাৰ খবৰ পোৱা গৈছে। ইয়াকে লৈ ৰাজ্যখনত ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা ৪৫,০২১ জনলৈ বৃদ্ধি পাইছে। লগতে ক'ভিড পজিটিভ ৰোগীৰ হাৰ ১২.১৩ ত উপনীত হৈছে।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, ২,৯৭৯ জন লোক ক'ভিড আৰোগ্য হোৱাৰ লগতে ১৫ জন ক'ভিড আক্রান্ত লোকৰ মৃত্যু হৈছে।
বিগত ২৪ ঘন্টাত সম্পন্ন হোৱা ৫৬,৮৪৯ টা ক'ভিড পৰীক্ষাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকসমূহ ক্ৰমে কামৰূপ মহানগৰ সৰ্বাধিক ১,৫৬১ জন, ডিব্ৰুগড় ৩৮৫ জন, যোৰহাট ৩৭৭ জন আৰু কামৰূপ গ্ৰাম্য ৩৪০ জন।
Comments