গুৱাহাটী, ২২ জানুৱাৰীঃ ডিঙিৰ কাহৰ সমস্যা বেক্টেৰিয়াৰ সংক্ৰমণ অথবা আন বহুতো কাৰণৰ বাবে হ'ব পাৰে। বিশেষজ্ঞসকলৰ মতে, ষ্ট্ৰেপ্টোকক্কাছ বেক্টেৰিয়াৰ ফলত হোৱা ষ্ট্ৰেপ থ্ৰোট সংক্ৰমণ বিপদজনক। এই কাহ তীব্ৰ জ্বৰৰ বাবেও আহিব পাৰে। শীতকালত হোৱা ভাইৰেল কাহ হৈছে এক সাধাৰণ সমস্যা। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ঔষধৰ উপৰিও কিছুমান ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে। ই ডিঙিৰ খুচখুচনী সমস্যাত সকাহ দিব।
১. মৌ চাহ
মৌ খালে কাহৰ সমস্যাৰ পৰা উপশম পাব পাৰি। ইয়াৰ বাবে মৌ চাহৰ সৈতে যোগ দিও খাব পৰা যায়। মৌত পোৱা পুষ্টিবোৰে শৰীৰটোক ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰাখে। লগতে ই কাহৰ পৰাও সকাহ দিয়ে।
২. হালধি চাহ
যদি কোনোবাই কাহৰ সমস্যাৰ বাবে যথেষ্ট অসুবিধাত পৰিছে, তেন্তে হালধি চাহ খাব পাৰে। হালধি সেৱনে ফুলা হ্ৰাস কৰাৰ লগতে কাহৰ সমস্যা শৰীৰৰ শীত নিৰাময় কৰাত সহায় কৰিব পাৰে।
৩. তুলসী চাহ
কাহৰ সমস্যাত তুলসী চাহ বা ডিচেক্টন খোৱাটো শৰীৰৰ বাবে অত্যন্ত লাভজনক বুলি গণ্য কৰা হয়। ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে ভাইৰেল সংক্ৰমণ হোৱাৰ পৰা আঁতৰ কৰি ৰাখিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments