গুৱাহাটী, ২২ জানুৱাৰী: মানুহে প্ৰতিদিনে স্নান কৰাৰ ফলত বহুতো ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰি। কিন্তু ইয়াৰ মাজতে এনে এক অদ্ভুত খবৰ পোৱা গৈছে য'ত এজন মানুহে বিগত ৬৭ বছৰ ধৰি এবাৰো স্নান কৰা নাই। বিশ্ববাসীয়ে এই মানুহজনক পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহ বুলি অভিহিত কৰে।
বাতৰি অনুসৰি, পৃথিৱীৰ এই আটাইতকৈ লেতেৰা মানুহজনৰ নাম হৈছে অমৌ জাজি। এই মানুহজনৰ বয়স প্ৰায় ৮৭ বছৰ। অমৌ জাজীয়ে ইৰাণৰ দেজগাহ গাঁৱত বাস কৰে। অমৌ জাজীয়ে বৰ্তমান দিনৰ পৰা প্ৰায় ৬৭ বছৰ আগতে ২০ বছৰ বয়সত শেষবাৰৰ বাবে স্নান কৰিছিল।
আশ্চৰ্যজনকভাৱে, বিগত ৬৭ বছৰ ধৰি স্নান নকৰা স্বত্বেও অমৌ জাজী স্বাস্থ্যৱান হৈ আছে। চিকিৎসকসকলে অমৌ জাজীৰ বহুতো পৰীক্ষা কৰিছিল, য'ত তেওঁক সুস্থ অৱস্থাত পোৱা গৈছে। তেওঁৰ শৰীৰত কোনো ৰোগ নাই। ৬৭ বছৰ ধৰি স্নান নকৰা বুলি দাবী কৰা অমৌ জাজীয়ে কয় যে, "স্নান কৰাটো মোৰ বাবে অশুভ হিচাপে প্ৰমাণিত হ'ব আৰু মোৰ মৃত্যু হ'ব পাৰে।
তথ্য অনুসৰি, অমৌ জাজী কেৱল স্নান নকৰাৰ বাবেই লেতেৰা নহয়। জাজীয়ে ৰাস্তাৰ মৃত বস্তু অথবা জন্তু খায়। ইয়াৰ উপৰিও, তেওঁ নলাৰ পানীও খায়। অমৌ জাজীয়ে শৌচ খাবলৈ ভাল পায়। মন কৰিবলগীয়া যে অমৌ জাজীৰ অনন্য জীৱনশৈলীৰ বাবে তেওঁৰ কোনো বন্ধু নাই। ইয়াৰ লগতে জাজীয়েও কোনো লোকক তেওঁৰ ওচৰলৈ আহিবলৈ নিদিয়ে। কিন্তু অমৌ জাজি বৰ্তমান বিজ্ঞানীসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বিজ্ঞানীসকলে গৱেষণা কৰিবলৈ অমৌ জাজীৰ কাষলৈ আহি থাকে।
Comments