গুৱাহাটী, ২২ জানুৱাৰীঃ সমগ্র বিশ্বতে বিগত দুবছৰ ধৰি ক'ৰনা মহামাৰীয়ে নিৰন্তৰে প্ৰভাৱ পেলাই আছে। বৰ্তমানলৈকে, সমগ্ৰ বিশ্বৰ বিজ্ঞানী আৰু চিকিৎসকসকলে ইয়াক প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আছে। আনকি ক'ভিড ভেকছিনৰ দুয়ো পালি গ্ৰহণ কৰাৰ পাছতো মানুহৰ এই মাৰাত্মক ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।
ক'ভিডৰ আৰম্ভণিৰ পৰাই, মানুহে নিজ বাসগৃহত বিভিন্ন প্ৰকাৰৰ প্ৰতিকাৰ গ্ৰহণ কৰি আছে। ভাৰতৰ লোকসকলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক আৰু বিভিন্ন প্ৰতিকাৰ গ্ৰহণ কৰি আছে, আনহাতে বিদেশতো মানুহে বিভিন্ন ঘৰুৱা প্ৰতিকাৰ গ্ৰহণ কৰি আছে। শেহতীয়াকৈ, ক'ভিডৰ পৰা হাত সৰাৰ এক অদ্ভুত খাদ্য প্ৰণালী সামাজিক মাধ্যমৰ টিকটকত ভাইৰেল হৈ পৰিছে। লগতে চিকিৎসকসকলে এই বিষয়ে জানি সকলোকে সতৰ্ক কৰি দিছে।
বাতৰি অনুসৰি, শেহতীয়াকৈ টিকটকত ভাইৰেল হোৱা ভিডিঅ'টোত দাবী কৰা হৈছে যে, "কফ চিৰাপৰ সৈতে (কাহৰ ঔষধ) মুৰ্গীৰ মাংস ৰান্ধি খালে ক'ৰনাৰ পৰা হাত সাৰিব পাৰি। ইয়াৰ উপৰিও, ভিডিঅ'টোত দাবী কৰা হৈছে যে, এই ব্যঞ্জন খোৱাৰ ফলত, চৰ্দি-কাহ আদিও নাইকিয়া হয়। কিন্তু চিকিৎসকসকলে শেহতীয়াকৈ এই ভিডিঅ'টোৰ বিষয়ে জানিব পাৰি সকলোকে সতৰ্ক কৰি দিছে। চিকিৎসকসকলে কৈছে যে, "এনেদৰে কফ চিৰাপৰ সৈতে মুৰ্গীৰ মাংস বনাই খোৱাটো অতিকৈ বিপদজনক এনেধৰণৰ ব্যঞ্জন খালে খাদ্যত বিষক্ৰিয়া হ'ব।"
ডাঃ হাৰ্টমেন নামৰ এজন চিকিৎসকে টিকটকৰ জৰিয়তে এনে ব্যঞ্জন বনাই খোৱা লোকসকলক সতৰ্ক কৰি দিছে। ডাঃ হাৰ্টমেনে টিকটকৰ জৰিয়তে কৈছে যে, "যদি কুকুৰা কাহ চিৰাপৰ সৈতে ৰন্ধা হয়, কফ চিৰাপৰ বৃহৎ পৰিমাণৰ মাংসৰ ভিতৰত থাকি যাব। ইমান ভালকৈ ৰন্ধা এই মুৰ্গীৰ মাংস খোৱাৰ পিছত, সকলোৱে বুজি উঠিব যে তেওঁলোকে মাংস নহয় বৰঞ্চ আধা বটল কফ চিৰাপ খাই আছে। যিটো বহুত বেছি বিপদজনক। এই ব্যঞ্জন খোৱাৰ ফলত চৰ্দি আৰু কাহ নাইকিয়া হোৱাৰ পৰিৱৰ্তে পেটৰ অসুখ হোৱাটো নিশ্চিত।"
বছৰটোৰ আৰম্ভণিৰ পৰা, কফ চিৰাপৰ সৈতে মুৰ্গী মাংস ৰন্ধাৰ এই ব্যঞ্জনৰ ভিডিঅ'টো ছচিয়েল মিডিয়াত বহুলভাবে প্ৰচাৰ হৈছে। য'ত, কফ চিৰাপৰ আৰু সুৰাৰ সৈতে ৩০ মিনিটৰ বাবে মুৰ্গী মাংস ৰন্ধা হৈছে। এইটো দাবী কৰা হৈছে যে ইয়াক খোৱাৰ পিছত, ক'ভিডৰ পৰা আৰোগ্য হ'ব পাৰি।
Comments