গুৱাহাটী, ২২ জানুৱাৰীঃ বলীউডৰ মডেল তথা অভিনেত্ৰী মালাইকা অৰোৰাই সদায় তেওঁৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চাৰ বিষয় হৈ থাকে। তেওঁ অলপতে নম্ৰতা জাকাৰিয়াৰ সৈতে এটা অনুষ্ঠানত অংশগ্রহণ কৰিছে, য'ত তেওঁ পূ্ৰ্বৰ বৈবাহিক জীৱন আৰু সন্তান জন্ম দিয়া বিষয়ক লৈ নিজৰ মৌনতা ভংগ কৰিছে।
উক্ত অনুষ্ঠানটোত আৰবাজ খানৰ সৈতে কম বয়সতে পতা বিবাহে তেওঁৰ পেছাদাৰী জীৱনত কিদৰে প্ৰভাৱ পেলাইছে বুলি সোধাত অভিনেত্রী মালাইকাই কয়, "কেতিয়াও'নহয়। এয়া কেতিয়াও বাধা হ'ব নোৱাৰে, মোৰ বাবে এয়া কেতিয়াও বাধা নাছিল। মই তাৰ প্ৰমাণ। মই কৰা বাছনিবোৰত এয়া কোনো প্ৰকাৰে বাধা হোৱা নাই। বিবাহপাশত আৱদ্ধ হোৱা অথবা যেতিয়া মই বিবাহিত আছিলোঁ, লগতে যেতিয়া মই সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিলো, মই নাভাবো যে ইয়াৰ এটা কাৰণও মোৰ পেছাদাৰী জীৱনত কোনোধৰণৰ প্ৰভাৱ পেলাইছে। মোৰ চাৰিওফালৰ লোকসকলে আৰু মোৰ বিষয়ে বহুত কথা ক'বলৈ সুবিধা পাইছিল, কিন্তু এইবোৰে মোৰ পেছাদাৰী জীৱনত কোনোধৰণৰ প্ৰভাৱ পৰা নাছিল।"
মালাইকাই লগতে কৈছে যে, "সেই সময়ত কিছুসংখ্যক আগশাৰীৰ মহিলাই এনেধৰণৰ ডাঙৰ পদক্ষেপ গ্রহণ কৰাৰ বাবে ইচ্ছুক নাছিল কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে। আজিকালি অভিনেত্ৰীসকলে বিবাহ পাশত আৱদ্ধ হোৱাৰ লগতে সন্তান জন্ম দি সকলোধৰণৰ কাম কৰি আছে।"
বৰ্তমান অভিনেত্রী মালাইকা অৰোৰাই অভিনেতা অৰ্জুন কাপুৰৰ সৈতে ব্যক্তিগত সময় অতিবাহিত কৰি আছে লগতে এই দম্পতীহাল প্ৰায়ে চৰ্চাৰ বিষয় হৈ থাকে।
Comments