গুৱাহাটী,২৭ জানুৱাৰী:বলীউডৰ ছবি নিৰ্মাতা আৰু পৰিচালক ৰোহিত চেট্টী তেওঁৰ ছবিসমূহত কৰা বিভিন্ন ষ্টাণ্ট সমূহৰ বাবে জনাজাত। ৰোহিতৰ ছবিসমূহৰ এই ষ্টাণ্টৰ লগতে তেওঁ এক প্ৰকাৰৰ সামাজিক ব্যক্তি। এতিয়া তেওঁ মুম্বাই আৰক্ষীৰ দ্বাৰা আৰম্ভ কৰা নিৰ্ভয়া স্কোৱাডৰ বাবে এটা ভিডিঅ’ বনাইছে। মুম্বাই আৰক্ষীয়ে ৭৩ তম গণৰাজ্য দিৱস উপলক্ষে মহিলাৰ বিৰুদ্ধে অপৰাধ প্ৰতিহত কৰিবলৈ ১০৩ নম্বৰৰ এটা বিশেষ বিভাগ “নিৰ্ভয়া স্কোয়াড হেল্পলাইন আৰম্ভ” কৰিছে। যিটো মহিলাৰ সৈতে সম্পৰ্কিত অপৰাধৰ প্ৰতিবেদন দাখিল কৰিবলৈ আৰু মহিলাসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।ভিডিঅ’টো মুম্বাই আৰক্ষীয়ে তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল। নিৰ্ভয়া স্কোৱাড এতিয়া এক সমৰ্পিত দল, যি মুম্বাই চহৰৰ মহিলাসকলৰ মাজত নিৰ্ভীকতাৰ প্ৰতিফলন।
মুম্বাই আৰক্ষীয়ে শ্বেয়াৰ কৰা এই ভিডিঅ’টো বলীউডৰ তাৰকাসকলে ভাল পাইছে। এতিয়ালৈকে ছলমান খান, বিকি কৌশল, সাৰা আলী খান, শ্বাহিদ কাপুৰ, মনীষ মালহোত্ৰা, অক্ষয় কুমাৰ, ৰণবীৰ সিং, অৰ্জুন কাপুৰ, অজয় দেৱগান, কেটৰিনা কাইফ, কৰণ জোহৰৰ দৰে চুপাৰষ্টাৰে ভিডিঅ’টো তেওঁলোকৰ নিজ নিজ ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে আৰু মুম্বাই আৰক্ষীক প্ৰশংসা কৰিছে।মানুহে নিৰ্ভয়া স্কোৱাডৰ এই ভিডিঅ’টো সামাজিক মাধ্যমত যথেষ্ট সঁহাৰি জনাইছে। ভিডিঅ’টো এতিয়ালৈকে ইনষ্টাগ্ৰামত ১২ লাখতকৈও অধিক ভিউৱাৰচে উপভোগ কৰিছে আৰু লাইক কৰিছে।
Comments