Classifieds
View All
গুৱাহাটী, ২৭ জানুৱাৰীঃতিনিচুকীয়াৰ এখন ৰিজ’ৰ্টত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।গুইজানৰ ডিব্ৰু নদীৰ পাৰত অস্থায়ীভাৱে স্থাপন কৰা স্কাইলেণ্ড নামৰ এখন ৰিজ’ৰ্টত পেৰাগ্লাইডিং কৰি থকা সময়তে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়।পেৰাগ্লাইডিং কৰি থকা অৱস্থাতে ওপৰৰ পৰা সৰি পৰি কৰুণ মৃত্যুক সাৱটিলে এজন যুৱকে।
মৃত যুৱকজন লখিমপুৰৰ পংকজ গগৈ বুলি জানিব পৰা গৈছে।তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় যদিও মৃত্যু হয়।ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ইক’ ছেনচিটিভ জ’নৰ ভিতৰত নীতি-বৰ্হিভূতভাৱে ৰিজ’ৰ্টখন স্থাপন কৰা হৈছে বুলি অভিযোগ উঠিছে।বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় লোকসকলে স্কাইলেণ্ডৰ বিৰুদ্ধে অভিযোগ তুলি আহিছে।
Comments