Classifieds
View All
ডিব্ৰুগড়, ২৭ জানুৱাৰী : ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, আধুনিক নাৰীবাদী আন্দোলনৰ সক্ৰিয় কৰ্মী, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক ডঃ অপৰ্ণা মহন্তৰ (৭৫) যোৱা ২৬ জানুৱাৰীৰ নিশা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।
তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট পদাৰ্থ বিজ্ঞানী ডঃ পৰমানন্দ মহন্তৰ পত্নী আছিল। উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়- মহাবিদ্যায়ৰ নাৰী অধ্যয়ন কোষৰ উদ্যোক্তI তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাৰী অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক ডঃ অপৰ্ণা মহন্ত এগৰাকী অগ্ৰণী নাৰীবাদী সমালোচক আছিল।
Comments