ধেমাজি , ২৭ জানুৱাৰী ঃ অসমৰ ৰাইজে মাটি বাৰীৰ সমস্যাৰ বাবে মিছন বসুন্ধৰা জৰিয়তে প্ৰথম পৰ্যায়ৰ প্ৰায় আঠ লাখ লোকে আবেদন কৰিছিল আৰু বৰ্তমানে অসম চৰকাৰৰ ৰাজহ বিভাগে দুই লাখ লোকৰ আবেদন নিস্পওি কৰিছে - এই মন্তব্য অসম চৰকাৰৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনৰ ৷
ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত যোৱাকালি অনুষ্ঠিত কৰা গাওঁ প্ৰধান নিয়ুক্তি পত্ৰ আৰু ভূমি পট্টা বিতৰণ অনুষ্ঠানটিত অংশগ্ৰহণ কৰি মন্ত্ৰী গৰাকীয়ে আৰু বসুন্ধৰা মিছনৰ বাকী ৰৈ যোৱা ৬ লাখ আবেদন অহা মে’ মাহৰ ভিতৰত নিস্পত্তি কৰা হব ৷ অসম চৰকাৰৰ মিছন বসুন্ধৰা এক যুগান্তকাৰী সিদ্ধান্ত বুলি অৱগত কৰি ধেমাজি জিলাত ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ বাবে ১০৫০ বিঘা, মেডিকেল কলেজৰ বাবে ১১৫ বিঘা আৰু সৈনিক স্কুলৰ বাবে ১৩০ বিঘা মাটিও ৰাজহ বিভাগে ইতিমধ্যে অনুমোদন জনাইছে বুলি উল্লেখ কৰে ৷
মন্ত্ৰী গৰাকীয়ে যোৱাকালি ধেমাজিত ১১৫ গৰাকী গাওঁ প্ৰধানৰ নিযুক্তি পএ আৰু ৫১৯৩ গৰাকী লোকক ভূমি পট্টা বিতৰণ কৰে ৷ মন্ত্ৰী গৰাকীৰ সৈতে জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু , ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰ , জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৰ লগতে ৰাজহ বিভাগৰ বিষয়া - কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ৷
Comments