গুৱাহাটী, ২৭ জানুৱাৰীঃবৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত কেইবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে।কেবিনেট বৈঠকৰ পিছত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি কেবিনেটৰ এই সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰিছে।
▶এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে মাত্ৰ ২ মিনিট সময়ৰ বাবেহে অন্যান্য বাহন পথত ৰখাই থ’ব পাৰিব।
▶মুখ্যমন্ত্ৰীৰ কনভয়ত গুৱাহাটী মহানগৰত থাকিব কেৱল ৬ খন বাহন।
▶ গুৱাহাটীৰ বাহিৰত মুখ্যমন্ত্ৰীৰ কনভয়ত থাকিব ১২ খন বাহন।
▶ চৰকাৰৰ অধীনত অনুষ্ঠিত অনুষ্ঠানত মুখ্যমন্ত্ৰী,মন্ত্ৰী আৰু আমোলাসকলক সম্বৰ্ধনা জনোৱা নহ'ব৷
▶কেন্দ্ৰীয় মন্ত্ৰী থাকিলে বা অন্য গণ্যমাণ্য ব্যক্তিকহে সম্বৰ্ধনা জনোৱা হ'ব ৷
▶জিলা পৰিদৰ্শনলৈ গ'লে মন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ সলনি বৃক্ষৰূপণ কাৰ্যসূচীহে ৰাখিব।
▶বিত্ত বিভাগৰ অনুমোদন অবিহনে কোনো মন্ত্ৰীয়ে বাজেট বৰ্হিভূত কোনো আঁচনি ঘোষণা কৰিব নোৱাৰিব।
▶তামোলপুৰ জিলা গঠত কেবিনেটৰ অনুমোদন৷
▶প্ৰত্যেক জিলাৰ প্ৰতিষ্ঠাৰ দিনটো জিলা দিৱস হিচাপে উদযাপন কৰা হ’ব।
▶জিলা দিৱসৰ দিনত জিলাৰ বাবে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব্যক্তিক সম্বৰ্ধনা জনাব৷এই অনুষ্ঠানত জিলাৰ দায়িত্ববাহী মন্ত্ৰী উপস্থিত থাকিব৷
▶দহ মাৰ্চৰ ভিতৰত পৌৰসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগক অনুৰোধ জনোৱা হয়৷
▶১৪ মাৰ্চৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ ৰাজ্যপালক অনুৰোধ কেবিনেটৰ৷
▶জল জীৱন মিছন ক্ষিপ্ৰতাৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ আৰু সকলো অভিভাৱক মন্ত্ৰীক নিৰীক্ষণৰ নিৰ্দেশ কেবিনেটৰ।
▶পৌৰসভা নিৰ্বাচনৰ পিছতেই হ’ব পৌৰ নিগমৰ নিৰ্বাচন।
▶উচিত মূল্যত কৃষকৰ পৰা ধান ক্ৰয় কৰিবলৈ কৃষি বিভাগ আৰু যোগান বিভাগক কঠোৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
▶ক'ভিড SOPক লৈ আজি কোনো সিদ্ধান্ত লোৱা হোৱা নাই৷এক ফেব্ৰুৱাৰীৰ পূৰ্বে সিদ্ধান্ত লোৱা হ'ব৷
Comments