গুৱাহাটী, ২৭ জানুৱাৰীঃ অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে শেহতীয়াকৈ এনেকুৱা এটা কথা কৈছে যাৰ বাবে হিন্দু ধৰ্মৰ লোকসকলৰ অনুভূতি যথেষ্ট আঘাত হৈছে। শ্বেতাই তেওঁৰ কাপোৰৰ জোখৰ বিষয়ে কোৱাৰ লগতে ঈশ্বৰৰ বিষয়েও এনে কিছু মন্তব্য প্ৰদান কৰিছে যি শুনাৰ পিছত সকলো লোক ক্ষোভিত হৈ পৰিছে। ইয়াৰ লগতে হিন্দু সংগঠনে এই বিতৰ্কিত মন্তব্য সন্দৰ্ভত অভিনেত্রী গৰাকীক ভাবুকি প্ৰদান কৰিছে।
এই সন্দৰ্ভত সংগঠনটোৱে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰীৰ পৰা শ্বেতা তিৱাৰী আৰু ৱেব শৃংখলাৰ সঞ্চালকৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ দাবী জনাইছে। হিন্দু সংগঠনটোৱে সতৰ্ক কৰি দিছে যে শ্বেতাই তেওঁৰ বক্তব্যৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে, অন্যথা হিন্দু সংগঠনে ভূপালত ৱেব শৃংখলাৰ দৃশ্যগ্ৰহণৰ অনুমতি প্ৰদান নকৰে।
অভিনেত্ৰী শ্বেতা তিৱাৰীৰ বিতৰ্কিত মন্তব্যৰ পিছত, হিন্দু সংগঠনৰ হিন্দুবাদী নেতা চন্দ্ৰশেখৰ তিৱাৰীয়ে শ্বেতা তিৱাৰীক হিন্দু অনুভূতিক আঘাত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰক এখন এজাহাৰ পঞ্জীয়ন কৰিবলৈ দাবী জনাইছে। হিন্দু সংগঠনৰ সতৰ্কবাণী হৈছে যে ভূপালত তেওঁলোকৰ ৱেব শৃংখলাৰ দৃশ্যগ্ৰহণৰ অনুমতি দিয়া নহ'ব।
প্ৰকৃততে, বুধবাৰে, শ্বেতা তিৱাৰীয়ে তেওঁৰ আহিবলগীয়া ৱেব শৃংখলাৰ ঘোষণা সন্দৰ্ভত ভূপালত উপস্থিত হৈছিল। য'ত শ্বেতাই তেওঁৰ গোটেই দলটোৰ সৈতে এখন সংবাদমেলত অংশগ্ৰহণ কৰিছিল। উক্ত সংবাদমেলত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি শ্বেতা তিৱাৰীৰ বিতৰ্কিত মন্তব্য আগবঢ়াই। য'ত অভিনেত্রী শ্বেতা তিৱাৰীয়ে কৈছে, "ঈশ্বৰে মোৰ পিন্ধা কাপোৰৰ জোখ লৈছে।" এই মন্তব্যৰ পিছতে শ্বেতাক সামাজিক মাধ্যমত ভৎৰ্সনা কৰা হৈছে। শ্বেতা তিৱাৰী আৰু ৰোহিত ৰয়ৰ দৰে চেলিব্ৰেটীসকলে বুধবাৰে ভূপালত ফেশ্বন সম্পৰ্কীয় ৱেব শৃংখলা 'শ্ব ষ্টপাৰ' ঘোষণা কৰিবলৈ গৈছিল।
Comments