চেলেংহাট ২৭জানুৱাৰীঃ বৃহস্পতি বাৰে নামনি মুৱা 15909 নম্বৰৰ অৱধ অসম ৰে'লৰ পৰা ৰে'ল আৰক্ষীয়ে বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰে।ৰে'ল আৰক্ষীৰ নিয়মীয়া তালাচী সময়ত ৰে'ল খনৰ D-3 নং শীত তাপ নিয়ন্ত্ৰিত এটা ডবাত ক'লা ৰঙৰ চাৰিটা গৰাকীবিহীন বেগ উদ্ধাৰ হয়।
ৰে'ল আৰক্ষীয়ে বেগ চাৰিটা মৰিয়নী ৰে'ল জংচনত নমাই পৰীক্ষা কৰাত বেগ চাৰিটাত প্ৰায় ৪০০ ৰো অধিক বিদেশী চিগাৰেটৰ পেকেট উদ্ধাৰ হয়।Esse ব্ৰেণ্ডৰ 'Mead in korea' special gold বুলি পেকেটৰ ওপৰত লিখা থকা চিগাৰেট খিনিৰ বজাৰৰ আনুমানিক মূল্য প্ৰায় ৮ লাখ টকা হ'ব বুলি ৰে'ল আৰক্ষীয়ে প্ৰকাশ কৰে।
ৰে'লত শুল্ক ফাঁকিৰে কোনো লোকে চিগাৰেটখিনি চোৰাং কৈ সৰবৰাহ কৰাৰ সন্দেহ কৰিছে ৰেল আৰক্ষীয়ে। ৰে'ল আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি বিদেশী চিগাৰেট খিনি কোনে ক'ৰ পৰা ক'লৈ নিবলৈ চেষ্টা কৰিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও সাংবাদিকৰ আগত আনুষ্ঠানিক মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
Comments