Classifieds
View All
গুৱাহাটী, ২৭ জানুৱাৰীঃএতিয়াৰে পৰা মহানগৰ আৰক্ষীৰ খাকী পোছাকত থাকিব অসমীয়া ভাষাৰ নেমপ্লেট (বেজ)।প্ৰতিগৰাকী আৰক্ষীৰ নাম এতিয়াৰে পৰা ইংৰাজীৰ সলনি অসমীয়াত দেখা পোৱা যাব।আৰক্ষী আয়ুক্ত হাৰমিৎ সিঙে পৰিধান কৰিলে অসমীয়া ভাষাৰ নেমপ্লেট।
অসমীয়া ভাষাত বেজ পৰিধান কৰিবলৈ মহানগৰৰ প্ৰতিজন আৰক্ষীলৈ নিৰ্দেশ আৰক্ষী আয়ুক্তগৰাকীৰ।জনসাধাৰণক আৰক্ষীৰ অধিক কাষ চপাই অনাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে মহানগৰ আৰক্ষীয়ে।
Comments