সীমান্তৰ পৰা জিতু কুমাৰ ৰাজকোঁৱৰ, ২৭ জানুৱাৰী ঃ আন্তঃৰাষ্ট্রীয় সীমা বিবাদক লৈ উঃ- পূবৰ ৰাজ্যসমূহৰ মাজত সংঘাত অব্যাহত থকাৰ সময়তে এইবাৰ পুনৰ আগ্রাসী ৰূপ ধাৰণ কৰে অৰুণাচলে৷ এইবাৰ অসমৰ ধেমাজি জিলাৰ গোগামুখৰ মিংমাঙৰ সীমান্তৱর্তী ভূমিত অৰুণাচলে পথ নির্মাণ কৰাক লৈ তীব্র উত্তেজনাৰ সৃষ্টি হৈছে৷ সন্ধিয়া অসম-অৰুণাচল প্রদেশৰ ধেমাজি জিলাৰ গোগামুখৰ সীমান্তৱর্তী হিমেবস্তিত এক অপ্রীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছে৷
উক্ত ঠাইত মিংমাং, বদতি, পাহাৰপুৰ, ধর্মপুৰ, কৈলাশপুৰ, নলবাৰীৰ ৰাইজে অৰুণাচল চৰকাৰে নির্মাণ কৰা পকীপথ নির্মাণৰ কাম বন্ধ কৰি কেম্প জ্বলাই দিয়াৰ লগতে কালভার্ট এটা ভাঙি জুই লগাই দিয়াৰ উপৰি গাড়ী ভাঙি দিয়াত আজি তীব্র উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়৷ ইফালে অৰুণাচলে নির্মাণ কৰা পথ অসমৰ ৰাইজে বন্ধ কৰি দিয়াৰ পাছত ক্ষুণ্ণ হৈ অৰুণাচলী লোকে অসমৰ প্রতিবাদী ৰাইজলৈ উদ্দেশ্যি ৫ জাঁই গুলী ফুটাই পৰিৱেশ অধিক উত্তেজনাময় কৰি তোলে৷
অৱশ্যে অৰুণাচলীৰ উক্ত গুলীচালনাত কোনো লোক হতাহতি হোৱা নাই৷ উল্লেখযোগ্য যে ইটানগৰৰ পৰা লিকাবালি সংযোগী প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত নির্মাণ হৈ থকা পথটোক লৈ দুই ৰাজ্যৰ মাজত লাগিছে সংঘাত৷ উক্ত পথটোক লৈ ইতিমধ্যে বহুবাৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰি আহিছে দুয়োখন ৰাজ্যৰ ৰাইজে৷
ইয়াৰ পাছতো কিন্তু গা লৰা নাই অসম চৰকাৰ কিম্বা জিলা প্রশাসনৰ৷ ধেমাজি জিলা কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি ভবেন হালৈ আৰু সম্পাদক দুর্গা বৰাই শীঘ্রে অৰুণাচলৰ এই পথৰ নির্মাণকার্য বন্ধ নকৰিলে দুয়োখন ৰাজ্যৰ মাজত ভাতৃঘাতী সংঘাত হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে বুলি সংগঠনটোৱে উল্লেখ কৰিছে৷ সীমা বিবাদৰ সন্দর্ভত অসম চৰকাৰে অৰুণাচল চৰকাৰৰ লগত শীঘ্রে আলোচনা কৰি সমস্যাৰ সমাধান নকৰিলে উক্ত ঠাইত পৰিস্থিতি অধিক বেয়ালৈ গতি কৰাৰ সম্ভাৱনাই দেখা দিছে৷
Comments