গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৭ জানুৱাৰী ঃ নগাঁৱত মুখ্যমন্ত্রীৰ কনভয়ৰ বাবে ৰাজপথত যাতায়াত কৰা যান-বাহন জিলা প্রশাসনে ৰখাই থৈ যাত্রীক হাৰাশাস্তি কৰাৰ বাবে মুখ্যমন্ত্রীয়ে হস্তক্ষেপ কৰাৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ পাছত আজি কেবিনেটে এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ এতিয়াৰে পৰা মুখ্যমন্ত্রীৰ কনভয়ৰ বাবে কোনো যান-বাহনৰ যাত্রীয়ে হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহ’ব৷
কাৰণ আজি জনতা ভৱনত অনুষ্ঠিত কেবিনেটে মুখ্যমন্ত্রীৰ কনভয়ৰ ক্ষেত্রত গুৰুত্বপূর্ণ সিদ্ধান্তত অনুমোদন জনাইছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটে জনোৱা অনুমোদন অনুসৰি মুখ্যমন্ত্রীৰ কনভয় পাৰ হোৱাৰ সময়ত আন যান-বাহন দুই মিনিটতকৈ বেছি সময় ৰখাই থ’ব নোৱাৰিব৷
এম্বুলেঞ্চ কোনো কাৰণতে ৰাখিব নোৱাৰিব৷ জনসাধাৰণৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি এছক’র্ট আৰু পাইলট গাড়ীসমূহক বাদ দি মুখ্যমন্ত্রীৰ কনভয়ত গাড়ীৰ সংখ্যা গুৱাহাটী মেট্র’পলিটান এলেকাৰ ভিতৰত ছখন আৰু অন্যান্য এলেকাত বা জিলাত ১২খনতে সীমাবদ্ধ ৰখাৰ সিদ্ধান্তত অনুমোদন জনোৱা হয়৷ অর্থাৎ মুখ্যমন্ত্রীৰ যাত্রাৰ সময়ত নাগৰিকৰ চলাচলত এতিয়াৰে পৰা ব্যাঘাত জন্মোৱা নহ’ব৷
সুৰক্ষাজনিত অত্যন্ত প্রয়োজনত ২ মিনিট বা তাতকৈ কম সময়ৰ বাবেহে বাহন চলাচল বন্ধ ৰখা হ’ব৷ আজি অনুষ্ঠিত হৈ যোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্রীৰ কনভয়ৰ লগতে বিত্তীয় শৃংখলা, মন্ত্রীক জনোৱা সম্বর্ধনা আৰু বিধানসভাৰ আগন্তুক বাজেট অধিৱেশন আদিকে ধৰি বিভিন্ন বিষয় সম্পর্কে কেতবোৰ গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰা হয়৷
কেবিনেটত গ্রহণ কৰা সিদ্ধান্তসমূহ সদৰী কৰি শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে সংবাদ মাধ্যমৰ আগত কয় যে চৰকাৰী অনুষ্ঠানত মুখ্যমন্ত্রী, মন্ত্রী বা ৰাজ্য চৰকাৰৰ বিষয়াক সম্বর্ধনা দিয়া প্রথা বন্ধ কৰা হৈছে৷ অৱশ্যে কেন্দ্রীয় মন্ত্রী, বিশিষ্ট অতিথি বা স্থানীয় বিশিষ্ট ব্যক্তিৰ ক্ষেত্রত এই বাধা নাথাকিব৷ সম্বর্ধনা গ্রহণৰ বিপৰীতে মন্ত্রীয়ে ৰুব লাগিব গছপুলি৷
মন্ত্রী ডাঃ পেগুৱে আৰু কয় যে বাজেটত নথকা কোনো আঁচনি বা বিত্ত বিভাগে অনুমোদন নিদিয়া কোনো আঁচনি মন্ত্রীয়ে সভা-সমিতিত ঘোষণা কৰিব নোৱাৰিব৷ যদি ক’ৰবাত ৰাইজৰ পৰা আঁচনি গ্রহণ বা পুঁজি অনুমোদনৰ বাবে দাবী উত্থাপন হয়, তেন্তে মন্ত্রীয়ে বাজেটত সন্নিৱিষ্ট কৰা বা কর্তৃত্বশীল মঞ্চ বা কেবিনেটত অনুমোদন লোৱাৰ পাছতহে ঘোষণা কৰিব পাৰিব৷
কেবিনেট বৈঠকত অনুমোদন জনোৱা আন আন সিদ্ধান্তসমূহৰ কথা উল্লেখ কৰি ৰাজ্য চৰকাৰৰ মুখপাত্র তথা স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই কয় যে জিলাসমূহ গঠনৰ তাৰিখত অসমৰ সকলো জিলাত স্থানীয় লোকৰ সক্রিয় সহযোগিতাৰে জিলা দিৱস উদ৲যাপন কৰিব৷ যিবোৰ জিলাত কোনো অধিসূচনা উপলব্ধ নহয়, সেই জিলাত জিলাখনৰ প্রথমগৰাকী উপায়ুক্তৰ যোগদানৰ তাৰিখটো জিলা দিৱস হিচাপে পালন কৰা হ’ব৷ অসম বিধানসভাৰ বাজেট অধিৱেশন ২০২২ৰ ১৪ মার্চৰ পৰা অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে ৰাজ্যপালক আহবান জনাবলৈ সিদ্ধান্ত গ্রহণ কৰে৷
মন্ত্রী মহন্তই কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে গ্রহণ কৰা জলজীৱন আঁচনিখন সঠিকভাৱে ৰূপায়ণ হোৱাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে ৰাজ্যিক কেবিনেটে৷ আজি কেবিনেটে জিলাসমূহৰ বাবে নিয়োজিত অভিভাৱক মন্ত্রীসকলক এটা সপ্তাহৰ ভিতৰত আঁচনিখনৰ বাকী থকা কাম সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷
এটা সপ্তাহৰ ভিতৰত আধৰুৱা কামৰ আবণ্টন দি কামৰ অগ্রগতিৰ খতিয়ান পৰৱর্তী কেবিনেটত দাখিল কৰাৰো নির্দেশ দিয়া হয়৷ এই ক্ষেত্রত উপায়ুক্ত, বিভাগীয় বিষয়াই যাতে হেমাহি কৰিব নোৱাৰে তাৰ বাবে অভিভাৱক মন্ত্রীসকলক চোকা নজৰ ৰাখিবলৈ কেবিনেটে নির্দেশ দিয়াৰ কথা জানিবলৈ দিয়ে ৰাজ্য চৰকাৰৰ মুখপাত্র মহন্তই৷ কেবিনেটে কৃষকৰ পৰা প্রতি কুইণ্টল ধান ১৯৪০ টকা মূল্যত ধান ক্রয়ৰ ক্ষেত্রত উপায়ুক্ত, কৃষি আৰু যোগান বিভাগৰ বিষয়াসকলক বিশেষ ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়ে৷ সাংবাদিকৰ প্রশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্রী মহন্তই কয় যে অহা এক ফেব্রুৱাৰীৰ আগত কভিড সম্পর্কত নতুন এছ অ’ পি প্রকাশ হ’ব৷
আনহাতে আজি কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি মুখ্যমন্ত্রীৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান-বাহন কেৱল দুই মিনিট সময়হে প্রশাসন অথবা আৰক্ষীয়ে ৰখাব পাৰিব বুলি স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰৰ মুখপাত্র তথা জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই৷ মুখ্যমন্ত্রীৰ কনভয় যোৱাৰ সময়ত যাতে সাধাৰণ ৰাইজৰ বিশেষ অসুবিধা নহয়, সেই কথাৰ প্রতি লক্ষ্য ৰাখিয়েই কেবিনেট বৈঠকে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ আনহাতে মুখ্যমন্ত্রীৰ বাহিৰে আন মন্ত্রীসকলৰ কনভয় যোৱাৰ সময়ত ৰাজহুৱা যান-বাহন ৰখোৱাৰ কথা থাকিবই নোৱাৰে বুলি স্পষ্ট কৰি দিছে মন্ত্রী তথা চৰকাৰৰ মুখপাত্র পীয়ুষ হাজৰিকাই৷
Comments