গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৭ জানুৱাৰী ঃ সমগ্র দেশৰ লগতে অসমতো কালি মুক্তমনে গণৰাজ্য দিৱস পালন কৰা হয়৷ কভিড পৰিস্থিতিৰ বাবে নির্দিষ্ট বাধ্যবাধকতাৰ মাজেৰে কালি ৰাজ্যৰ প্রান্তে প্রান্তে ৭৩সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়৷ আনহাতে খানাপাৰাস্থিত অসম পশুপালন তথা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্রীয়ভাৱে পালন কৰা গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কভিড মহামাৰীৰ সময়ত অসমে প্রদর্শন কৰা দৃঢ়তা আৰু স্বাস্থ্যকর্মীসকলৰ যুদ্ধক কৃতজ্ঞতাৰে স্মৰণ কৰে৷
আনহাতে উগ্রপন্থী সংগঠনৰ সৈতে আলোচনাৰ মাধ্যমেৰে ৰাজ্যলৈ শান্তি ঘূৰাই অনাৰ বাবে অসম চৰকাৰে গ্রহণ কৰা পদক্ষেপৰো শলাগ লয়৷ পতাকা উত্তোলন কৰি ৰাজ্যপাল অধ্যাপক মুখীয়ে ভাষণত কয় যে যোৱা বছৰটো সকলোৰে বাবে প্রবল প্রত্যাহবানমূলক আছিল৷ কভিড অতিমাৰীয়ে সকলোৰে ধৈর্য আৰু সামর্থযৰ পৰীক্ষা লৈছিল৷
সমগ্র বিশ্বই এই অতিমাৰীৰ সময়ত কক৲বকাই থকাৰ সময়ত ভাৰতবর্ষই এই অদৃশ্য শত্রুৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দৰে এজন নেতা লাভ কৰাটো দেশৰ বাবেই সৌভাগ্য বুলিও কয়৷ এনে পৰিস্থিতিত অসমত কভিড যুঁজৰ প্রথম শাৰীৰ যোদ্ধাসকলে প্রতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম হোৱা বুলি সদৰী কৰি তেওঁ ঐক্যবদ্ধ প্রচেষ্টাৰে অসমে এই পৰিস্থিতিৰ পৰা সফলতাৰে উদ্ধাৰ লাভ কৰাৰ আশা প্রকাশ কৰে৷
অসম চৰকাৰে নিৰপেক্ষ, প্রভাৱশালী, পাৰদর্শী আৰু দায়বদ্ধতাৰে প্রশাসনযন্ত্র চলোৱাৰ চেষ্টা কৰাৰ কথা উল্লেখ কৰি ৰাজ্যপালজনে কয় যে এই চৰকাৰখনে যিকোনো অপৰাধৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতিৰ লগতে শান্তি ৰক্ষাৰ বাবে কৰি থকা কামৰ লাহে লাহে ফল সকলোৱে দেখিবলৈ আৰম্ভ কৰিছে৷ চৰকাৰখনে চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে থকা দীর্ঘদিনীয়া সীমা বিবাদো সৌহার্দযপূর্ণ পৰিস্থিতিত স্থায়ী সমাধান কৰাৰ বাবে চেষ্টা কৰি আছে বুলিও তেওঁ সদৰী কৰে৷ ৰাজ্যৰ দৰিদ্র জনতা, কৃষককে ধৰি সকলো জনতাৰ বাবে বিশেষ পদক্ষেপ গ্রহণ কৰা বুলিও সদৰী কৰে৷
চৰকাৰে ৰাজ্যত অপৰাধ নির্মূল কৰাৰ লক্ষ্যৰে কৰা কামৰ ভিতৰত যোৱা বছৰটোত এন ডি পি এছ এক্টৰ অধীনত ২১৫২টা গোচৰ পঞ্জীয়ন কৰি মুঠ ৩৬৪৩জন লোকক গ্রেপ্তাৰ কৰে৷ এই সময়ছোৱাত ৬৪ কিল’ হেৰ’ইন, ১৮৫৯০ কিল’ গাঞ্জা, ৬৯ কিল’ আফিং, ৩১৬৪৭২৬টা নিচাযুক্ত টেবলেট, ১৫৫৮৫১টা কাহৰ দৰবৰ বটল আৰু ২ কোটি ৩৬ লাখ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷
আনহাতে ৰাজ্য চৰকাৰে আলোচনাৰ মাধ্যমেৰে ৰাজ্যলৈ শান্তি ঘূৰাই অনাৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি ৰাজ্যপাল মুখীয়ে কয় যে চৰকাৰৰ পদক্ষেপৰ বাবে ২০২১ চনত ৪টা কার্বি উগ্রপন্থী সংগঠন ক্রমে কে পি এল টি, কে এল এন এল এফ, পি ডি চি কে আৰু ইউ পি এল এৰ সৈতে কেন্দ্র-ৰাজ্য চৰকাৰে ত্রিপাক্ষিক চুক্তি সম্পাদন কৰে৷ অন্য চাৰিটা উগ্রপন্থী সংগঠন ক্রমে এন এছ এল এ, এ ডি এফ, এন এল এফ বি আৰু ইউ পি আৰ এফেও চৰকাৰৰ ওচৰত আত্মসমর্পণ কৰে৷
বছৰটোৰ ডি এন এল এও আত্মসমর্পণ কৰাৰ পাছত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰে৷ বছৰটোত আলফাৰ ৱেষ্টার্ন কমাণ্ডাৰসহ ৭জন ডি এন এল এ সদস্য, এজন এন এল এফ বি, দুজন ইউ এল বি, তিনিজন ইউ পি আৰ এফকে ধৰি ১৪জন উগ্রপন্থী নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত নিহত হয়৷ আনহাতে এন এল এফ বি আৰু ইউ এল বি নামৰ দুটা বড়ো উগ্রপন্থী সংগঠনৰ সকলো নেতা-সদস্যই আত্মসমর্পণো কৰে চৰকাৰৰ ওচৰত৷ ইফালে চৰকাৰে শিক্ষাৰ ক্ষেত্রখনত অভূতপূর্ব কাম কৰাৰ উপৰি সাংস্কৃতিক, ক্রীড়া, চিকিৎসা আদি ক্ষেত্রৰ উন্নয়নৰ বাবেও বহু পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ সদৰী কৰে৷
কনকলতা সবলীকৰণ আঁচনি, প্রধানমন্ত্রীৰ আৱাস যোজনা, এম এনৰেগা আদি বিভিন্ন আঁচনি এশ শতাংশই কার্যকৰী কৰাৰ বাবেও চৰকাৰখনে পদক্ষেপ গ্রহণ কৰা বুলি তেওঁ কয়৷ ভাৰতবর্ষই এতিয়া বিশ্বত যিদৰে নিজৰ পৰিচয় সুদৃঢ় কৰিবলৈ সক্ষম হৈছে৷ একেদৰে ভাৰতৰ ভিতৰত অসমেও নিজৰ সুকীয়া পৰিচয় গঢ় দিবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷
ৰাজ্যপাল অধ্যাপক মুখীয়ে সকলো অসমবাসীকে ঐক্যবদ্ধভাৱে সকলো প্রত্যাহবানৰ সন্মুখীন হৈ সন্মুখলৈ অহা সকলো বাধা অতিক্রম কৰি ৰাজ্যৰ সামূহিক উন্নয়নত নিষ্ঠাৰে নিজকে সমর্পণ কৰিবলৈয়ো আহবান জনায়৷ উল্লেখযোগ্য যে এইবাৰৰ গণৰাজ্য দিৱসত কভিড প্রট’কলৰ বাবে পতাকা উত্তোলন, বিশিষ্ট অতিথিৰ ভাষণৰ লগতে পেৰেডহে অনুষ্ঠিত হয়৷
সকলো সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান বাতিল কৰা হয়৷ শিশুৰ অংশগ্রহণো নিষিদ্ধ কৰা হয়৷ খানাপাৰাৰ কেন্দ্রীয় অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো অংশগ্রহণ কৰে৷ আনহাতে মুখ্যমন্ত্রীজনে শ্রদ্ধাঞ্জলি কাননতো গণৰাজ্য দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰে৷
মুখ্যমন্ত্রীজনে চাৰিটা দশকৰ পাছত ৰাজ্যত বন্ধহীন গণৰাজ্য দিৱস হোৱাৰ বাবে কালিৰ দিনটোক ঐতিহাসিক আখ্যা দিয়াৰ লগতে গণতন্ত্রৰ বাবে এয়া শুভলক্ষণ বুলি কয়৷ আনহাতে কালি নগাঁৱত মন্ত্রী অজন্তা নেওগ, ডিব্রুগড়ত কেশৱ মহন্ত, তিনিচুকীয়াত পীয়ুষ হাজৰিকা, যোৰহাটত অতুল বৰা, তেজপুৰত ডাঃ ৰণোজ পেগু, লখিমপুৰত যোগেন মহন, বঙাইগাঁৱত পৰিমল শুক্লবৈদ্য, নলবাৰীত ৰঞ্জিত কুমাৰ দাস, গোলাঘাটত সঞ্জয় কিষাণ, ধুবুৰীত বিমল বৰাই গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উত্তোলন কৰে৷
Comments