গুৱাহাটী, ২৮ জানুৱাৰীঃ চীনৰ য়ুহানৰ বিজ্ঞানীসকলে ক'ৰনাৰ নতুন প্ৰকাৰ "নিঅ'ক'ভ" ক লৈ সকলোকে সতৰ্ক কৰি দিছে। বিজ্ঞানীসকলে সতৰ্কবাণী জাৰী কৰি কয় যে, " ক'ৰনাৰ এই নতুন প্ৰকাৰবিধত অধিক সংখ্যক লোক আক্রান্ত হোৱাৰ লগতে বহুটো লোকৰ মৃত্যু হ'ব।
স্পুটনিকৰ এক প্ৰতিবেদন অনুসৰি, দক্ষিণ আফ্ৰিকাত ক'ৰনাৰ নতুন প্ৰকাৰ নিঅ'ক'ভ আৱিষ্কাৰ কৰা হৈছে আৰু মধ্য-প্ৰাচ্যৰ শ্বাসতন্ত্রৰ এম ই আৰ এচ-ক'ভিডৰ সৈতে মিল থকা দেখা গৈছে।
নিঅ'ক'ভ প্ৰথমে দক্ষিণ আফ্ৰিকাৰ বাদুলিৰ দেহত পোৱা গৈছে আৰু তাৰ পিছত ই জীৱ-জন্তুৰ মাজত বিয়পি পৰিছে। শেহতীয়াকৈ এটা নতুন অধ্যয়নত দাবী কৰা হৈছে যে এটা পৰিৱৰ্তনৰ ফলত ভাইৰাছটো জন্তুৰ পৰা মানুহলৈ বিয়পাৰ আশংকা অধিক। অধ্যয়নটোত লগতে দেখা গৈছে যে নিঅ'ক'ভ আৰু ইয়াৰ নিকট বীজাণু, পিডিএফ-২১৮০-ক'ভিড শৰীৰত প্ৰৱেশ কৰিবলৈ কিছুমান বাদুলীৰ এঞ্জিওটেনচিন-কনভাৰ্টিং এনজাইম-২ প্ৰকাৰ আৰু মানৱ এ.চি.ই.২ ব্যৱহাৰ কৰাৰ ক্ষমতা আছে। ইপিনে, গৱেষকসকলে আৰু কৈছে যে, "এটা পৰিৱৰ্তনৰ ফলত ভাইৰাছটো মানৱ কোষলৈ সংক্ৰমিত হ'ব পাৰে।"
আনহাতে, চীনা বিজ্ঞান একাডেমীৰ য়ুহান বিশ্ববিদ্যালয় আৰু জৈৱপদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে এই চমকপ্ৰদ প্ৰকাৰটো উন্মোচন কৰিছে। নতুন অধ্যয়নটো এতিয়াও পৰ্যালোচনা কৰা হোৱা নাই যদিও বায়'আৰ্ক্সিভৰ ওপৰত প্ৰাথমিক তথ্য মুকলি কৰা হৈছে।
স্পুটনিকে উহান বিজ্ঞানীসকলক উদ্ধৃত কৰি কয় যে নিঅ'ক'ভৰ সৈতে এম ই আৰ এছ-ক'ভিডৰ সম্ভাৱ্য মিলিত মৃত্যুৰ হাৰ অধিক (য'ত গড়ে তিনিজনৰ ভিতৰত এজন সংক্ৰমিত লোকৰ মৃত্যু হয়) আৰু বৰ্তমানৰ চাৰ্ছ-ক'ভিড ২ ক'ৰনা ভাইৰাছ প্ৰকাৰে অধিক হাৰত সংক্ৰমণ বহন কৰে। ইয়াৰ লগতে, নতুন অধ্যয়নটোৰ ফলাফলৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি ভেক্টৰ ৰাছিয়ান ষ্টেট ৰিচাৰ্চ চেণ্টাৰ অৱ ভাইৰোলজি এণ্ড বায়োটেকন'লজীৰ ৰাছিয়ান গৱেষকসকলে কয় যে, "আমি নিঅ'ক'ভ ক'ৰনা ভাইৰাছৰ ওপৰত চীনা গৱেষণাৰ বিষয়ে অৱগত হৈছো। ক'ৰনাৰ এই নতুন প্ৰকাৰৰ তথ্যবোৰে মানুহৰ মাজত সংক্ৰমিত হ'ব পৰা এক নতুন ক'ৰনা ভাইৰাছৰ উদ্ভৱ প্ৰকাশ নকৰে আৰু এই সন্দৰ্ভত গভীৰভাৱে অধ্যয়ন কৰিবৰ বাবে আহ্বান জনালোঁ।"
Comments