গুৱাহাটী,২৫ জানুৱাৰী:জম্মু-কাশ্মীৰৰ নিয়ন্ত্রণ ৰেখা বৰ্তমান শান্ত যদিও গণতন্ত্র দিৱসৰ পূৰ্বে দিল্লী আৰু জম্মু-কাশ্মীৰত বৃহৎ আক্ৰমণৰ সম্ভাৱনা থকা বুলি অনুমান চোৰাংচোৱাৰ। ফলত সোমবাৰৰ পৰা সন্ত্রাস-দমন অভিযানত জোৰ দিছে দিল্লী আৰক্ষীয়ে।
ইয়াৰ লগতে ভাৰত-পাকিস্তান আন্তর্জাতিক সীমান্তত সতর্ক কৰা হৈছে বিএছএফক। ড্রোন আক্ৰমণৰ সম্ভাৱনা থকাত মোতায়েন কৰা হৈছে ড্রোন-বিৰোধী প্রযুক্তি।
আজি দিল্লী আৰক্ষীৰ অধীক্ষক ৰাকেশ আস্থানাই কয়, ‘‘দিল্লীত সন্ত্ৰাসবাদীৰ নজৰ সকলো সময়তেই আছে। অন্য নিৰাপত্তা সংস্থাবোৰৰ সৈতে হাত মিলাই আমি কাম কৰিছো।’’
আস্থানাই লগতে জনায় যে বিগত দুমাহ ধৰি দিল্লী আৰক্ষীয়ে ২৬টা ক্ষেত্রত অভিযানত গতি আনিছে। তাৰ ভিতৰত আছে নিয়মিত গাড়ী তালাচী, হোটেল-লজত তালাচী, দিল্লীলৈ বাহিৰৰ পৰা অহা ভাৰাতীয়া, শ্রমিক, পৰিচাৰকসকলৰ পৰিচয় সম্পর্কে সন্ধান লোৱা।
ৰাজধানীৰ সুৰক্ষাৰ বাবে মুঠ ২৭,৭২৩ জন কর্মচাৰী মোতায়েন কৰিছে আৰক্ষীয়ে। তেওঁলোকৰ ভিতৰত ৭১ জন ডেপুটি কমিছনাৰ, ২১৩ জন সহকাৰী কমিছনাৰ, ৭৫৩ জন ইনস্পেক্টৰ আৰু দিল্লী আৰক্ষী কমান্ডাৰ। মোতায়েন আছে ৬৫ কোম্পানী অৰ্ধ সামৰিক বাহিনীও।
Comments