Classifieds
View All
গুৱাহাটী, ২৫ জানুৱাৰীঃ মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে ক'ভিড পজিটিভ হোৱা পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ প'ল' খেলপথাৰত আয়োজিত গণৰাজ্য দিৱস উদযাপন কাৰ্যসূচীৰ পৰা বিৰত থাকিব। ইয়াৰ লগতে ৰাজ ভৱন চৌহদত অনুষ্ঠিত হ'বলগীয়া ঘৰুৱা অনুষ্ঠানৰ সময়সূচী ৰাজ্যপালগৰাকী ক'ভিড পজিটিভ হোৱা কাৰণতে বাতিল কৰা হৈছে।
ইপিনে, ৰাজ্যপাল সত্যপাল মালিকে সকলো মেঘালয়বাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
Comments