Classifieds
View All
সোণাৰি, ২৫ জানুৱাৰী: চৰাইদেউ জিলাৰ অগ্ৰণী ধৰ্মীয় অনুষ্ঠান সোণাৰি হৰিসভা সমিতিৰ প্ৰাক্তন সভাপতি, ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ সহায়ক, সমাজকৰ্মী বিভাষ চন্দ্ৰ পালে আজি পুৱতি নিশা ইহলীলা সম্বৰণ কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৩ বছৰ। হৃদৰোগত আক্ৰান্ত হৈ কিছুদিনৰ পৰা অসুস্থ হৈ থকা পালক কালি নিশা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিংহোমলৈ নি ভৰ্তি কৰোৱা হৈছিল য’ত চিকিৎসাধীন অৱস্থাত আজি পুৱা প্ৰায় ৪ বজাত তেখেতৰ মৃত্যু হয়।
মৃত্যুৰ সময়ত তেখেতে পত্নী, দুই পুত্ৰ এগৰাকী বিবাহিত কন্যাৰ উপৰিও বিহু আত্মীয় কুটুমক এৰি যায়। সমাজকৰ্মী পালৰ মৃত্যুত সোণাৰিত শোকৰ ছাঁ পৰিছে।
Comments