যোৰহাট, ২৫জানুৱাৰী: ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে চাৰিলেনযুক্ত পথলৈ উন্নীতকৰনৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে কেলেংকাৰীত জড়িত ব্যক্তিৰ ওপৰত শাস্তি প্ৰদানৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি পৰিষদৰ যোৰহাট জিলা সমিতিয়ে পূব যোৰহাটত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত "মানৱ শৃংখল" কাৰ্যসূচী ৰূপায়ন কৰে৷
পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু সাধাৰন সম্পাদক বাবু দত্তৰ নেতৃত্বত ৰূপায়ন হোৱা উক্ত কাৰ্যসূচীত প্ৰায় শতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লয় ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ (যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ) শীঘ্ৰে সম্পূৰ্ণ কৰক; NHIDCLৰ দূৰ্নীতিগ্ৰস্তত বিষয়াক শাস্তি দিয়ক আদি শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷ এক প্ৰেছবিজ্ঞপ্তিত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে কয় যে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিষ্ঠান "ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঠনি আৰু উন্নয়ন কোম্পানী লিমিটেডে (NHIDCL) ৩৭নং ৰাষ্ট্ৰীয় পথ (যোৰহাটৰ পৰা ডিব্ৰুগড় পৰ্যন্ত) চাৰিলেনযুক্ত পথলৈ উন্নতিকৰণৰ কামৰ দায়িত্ব লাভ কৰি আহিছে৷ কিন্ত NHIDCL ৰ একাংশ বিষয়াৰ দূৰ্নীতিগ্ৰস্ততাৰ কাৰনে উক্ত পথৰ নিৰ্মাণ আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা দূৰৈৰ কথা যোৰহাটৰ পৰা জাঁজীলৈ ২৮শতাংশ আৰু জাঁজীৰ পৰা ডিব্ৰুগড়লৈ মাত্ৰ ১০শতাংশ কামহে কৰিলে৷ পথচোৱাৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজক তথা পথচাৰীক জালাযন্ত্ৰণা ভোগাইছে৷
NHIDCLৰ তত্বাৱধানত ২০১৮ চনৰ জানুৱাৰী মাহত "গেনন ডাংকাৰলি এণ্ড কোম্পানী লিমিটেড (GDCL)"নামৰ কোম্পানীটোৱে উক্ত পথচোৱাৰ নিৰ্মাণৰ কাম লাভ কৰি অতি নিম্নমানৰ কাম কৰিছিল। পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকদ্বয় ক্ৰমে জাকিৰ হুছেইন আৰু অসীমজ্যোতি শইকীয়া উপস্থিত থকা আজিৰ মানৱ শৃংখল কাৰ্যসূচীৰ পৰা নেতাদ্বয়ে সকীয়াই দি কয় যে ইয়াৰ পাছতো যদি উক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ নিৰ্মাণ শীঘ্ৰে সম্পূৰ্ণ নহয় তেনেহ'লে আৰু অধিক গনতান্ত্ৰীক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব৷
Comments