গুৱাহাটী,২৫ জানুৱাৰী:গাড়ী কিনিবলৈ মহিন্দ্রাৰ শ্ব-ৰুমলৈ গৈছিল এজন কৃষক। কিন্তু তেওঁৰ সাজ-পোছাক দেখি অপমান কৰি উলিয়াই দিয়ে শ্ব-ৰুমটোৰ কর্মচাৰীয়ে। পিছে অপমানৰ প্ৰত্যুত্তৰ দিলে কৃষকজনেও। প্ৰত্যাহ্বান জনাই এক ঘণ্টাৰ ভিতৰত টকা লৈ আহি গাড়ী কিনে তেওঁ। ফলত ক্ষমা বিচাৰিবলৈ বাধ্য হয় শ্ব-ৰুমটোৰ কর্মচাৰীসকল। টুইটাৰৰ জৰিয়তে এই ঘটনা জানিবলৈ পাৰে খোদ আনন্দ মহিন্দ্রাইও।
এই চিত্তাকর্ষক ঘটনাটো কর্নাটকৰ। কর্নাটকৰ টুমাকুৰুত শুক্রবাৰে মহিন্দ্রা গাড়ীৰ শ্ব-ৰুমলৈ যায় কেম্পেগৌড়া নামৰ এজন কৃষক। তেওঁ এখন বলেৰো পিকআপ ট্রাক কিনিব বিচাৰিছিল। কিন্তু শ্ব-ৰুমটোৰ এজন কর্মচাৰীয়ে তেওঁক অপমান কৰাৰ অভিযোগ।
লগতে দুর্ব্যৱহাৰ কৰি কেম্পেগৌড়াক খেদি দিয়ে। কর্মচাৰীজনে লগতে তাচ্ছিল্য কৰি কয়, ‘গাড়ীখনৰ মূল্য প্রায় ১০ লক্ষ টকা। তোমাৰ পকেটত ১০ টকাও হয়তো নাই।‘ কৃষকজনৰ বেশভূষা, চেহেৰা দেখি তেওঁক কর্মচাৰীজনে পাত্তাই দিব বিচৰা নাছিল বুলি তেওঁৰ বন্ধুসকলে কয়।
কিন্তু অপমান সহ্য কৰিব নোৱাৰি কেম্পেগৌড়াই প্ৰত্যাহ্বান জনাই কয়, এক ঘণ্টাৰ ভিতৰত যদি টকা লৈ আহিব পাৰে তেন্তে আচিৰ ভিতৰতেই গাড়ীখনৰ ডেলিভাৰী দিব লাগিব। ইয়াৰ পিছত এক ঘণ্টাৰ ভিতৰতে টকা লৈ গাড়ী কিনিবলৈ উপস্থিত হয় কেম্পেগৌড়া।
পিছে তেওঁ কথা ৰাখিলেও সিদিনাখনেই গাড়ী ডেলিভাৰী দিব নোৱাৰিলে শ্ব-ৰুমটোৱে। ইয়াৰ বাবে চিৰি দিন সময় বিচাৰে। শ্ব-ৰুমটোৰ কর্মচাৰীয়ে ক্ষমা বিচাৰিবলৈও বাধ্য হয়। কিন্তু কেম্পেগৌড়াই কয়, ‘মই আপোনালোকৰ দোকানৰ পৰা গাড়ী কিনিব নিবিচাৰো।’ এই বুলি ১০ লাখ টকা লৈ তেওঁ গুচি যায়।
Comments