গুৱাহাটী,২৫ জানুৱাৰী:বুধবাৰে দেশজুৰি উদযাপন কৰা হ’ব ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস। অন্য বৰ্ষসমূহৰ দৰে এইবাৰো গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত অসমবাসী তথা অসম আৰক্ষীলৈ আহিছে ভাল খবৰ। গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰপতি পদকলৈ নিৰ্বাচিত হৈছে এগৰাকী অসমীয়া আৰক্ষী বিষয়া। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এছ বি) হীৰেণ চন্দ্ৰ নাথ ৭৩সংখ্যক গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত হৈছে।
ইয়াৰ উপৰিও গণৰাজ্য দিৱসৰ প্ৰধানমন্ত্ৰী পদকৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ৰাজ্য ১৩গৰাকীকৈ আৰক্ষী। প্ৰধানমন্ত্ৰী পদকৰ বাবে নিৰ্বাচিত আৰক্ষী বিষয়া-জোঁৱানসকলৰ হৈছে ক্ৰমে- কামাণ্ডেণ্ট দেৰগাঁও হৰেন ট’কবি, পৰিদৰ্শক (এপিআৰঅ) গোৱালপাৰা চমেজ উদ্দিন, এ এছ আই নুৰুল ইছলাম, এ এছ আই অচ্যুত দত্ত, হাবিলদা সুনিল মিলি, কনিষ্টবল মোজামিল হক, মহিলা কনিষ্টবল ৰঞ্জুমণি শইকীয়া, কনিষ্টবল বিপুল বৰা, কনিষ্টবল হীৰেন হাজৰিকা, কনিষ্টবল বুলন গোহাঁই, কনিষ্টবল অলক পাল, কনিষ্টবল জগত তামাং, পৰিদৰ্শন(এবি) জয়দীপ শৰ্মা।
Comments