Cartoon
View Older
তিনিচুকীয়া : ২৫ জানুৱাৰী: তিনিচুকীয়া জিলাৰ চাৰি গৰাকী আৰক্ষীৰ কনিষ্টবলে পুলিচ পদক লাভ কৰিছে। তেওঁলোক ক্ৰমে কনিষ্টবল হীৰেন হাজৰিকা ( এ বি), কনিষ্টবল বুলন গোহাঁই ( ইউ বি), কনিষ্টবল আলোক পাল ( ইউ বি) আৰু কনিষ্টবল জগত তামাং (এ বি)। কনিষ্টবল হীৰেন হাজৰিকা পুলিচ ৰিজাৰ্ভত কৰ্মৰত আৰু কনিষ্টবল আলোক পাল ডি এছ বি শাখাত কৰ্মৰত হৈ আছে।
ইয়াৰ বিপৰীতে কনিষ্টবল বুলন গোহাঁই আৰু জগত তামাং তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত কৰ্মৰত হৈ আছে। চাৰি গৰাকীকৈ আৰক্ষী কনিষ্টবলে আৰক্ষী পদক লাভ কৰাত তিনিচুকীয়া আৰক্ষী উৎফুল্লিত হৈ পৰিছে। পদকৰ বাবে নিৰ্বাচিত আৰক্ষী কনিষ্টবল কেইগৰাকীক বিভিন্ন জনে শুভেচ্ছা জ্ঞাপন কৰিছে।
Comments