দুলীয়াজানঃ ২৫ জানুৱাৰীঃ অসম আন্দোলনৰ শ্বহীদ কৰম সিংহৰ মাতৃ জগীন কৌৰৰ(৯৬) বাৰ্ধক্যজনিত কাৰণত আজি পুৱা নিজা বাসগৃহত দেহৱাসন ঘটে । উল্লেখযোগ্য যে ১৯৮৩ চনৰ ১ মাৰ্চত অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত শ্বহীদ বৰণ কৰা নগাঁও জিলাৰ বৰকলা গাৱঁৰ কৰম সিংহৰ মাতৃ জগীন কৌৰে কৰ্মসূত্ৰে দুলীয়াজানত বসবাস কৰা পুত্ৰৰ সৈতে বাস কৰিছিল । দুলীয়াজানৰ টিপ্লিংঘাট শ্মশানত সম্পূৰ্ণ ধৰ্মীয় নীতিৰে তেখেতৰ অন্তিম সংস্কাৰ কৰা হয়।
স্বৰ্গীয় কিচন সিংহৰ পত্নী জগীন কৌৰে মৃত্যুৰ সময়ত পুত্ৰ দুলু সিংহ,জিৎ সিংহ,ইকবাল সিংহ,জী সৰজিৎ কৌৰ,অমৰজিৎ কৌৰসহ জোৱাই,নাতি-নাতিনী আৰু অনেক আত্মীয় স্বজনক এই সংসাৰত এৰি থৈ গৈছে । শ্বহীদ মাতৃ জগীন কৌৰৰ মৃত্যুত কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ,শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ,সন্মিলিত সাংবাদিক মঞ্চ দুলীয়াজানকে ধৰি বিভিন্ন অনুষ্ঠান তথা ব্যক্তিয়ে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
Comments