ডিমৌ : ২৫ জানুৱাৰী: শিৱসাগৰ জিলাৰ ডিমৌৰ লাচন গাঁৱত আজি আবেলি দিহিং নদীত যুৱক এজন সন্ধানহীন হয়। যুৱকজন হৈছে লাচন গাঁৱৰ প্ৰেমেশ্বৰ কুৰ্মীৰ বিশ বছৰীয়া যুৱক সুৰজ কুৰ্মী । এই ঘটনাই সমগ্ৰ দিহিং মুখ অঞ্চলতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে সুৰুজৰ পৰিয়ালৰ মাজত শোকৰ বন্যা হৈছে। সুৰজৰ ভাতৃ টিমন কুৰ্মীয়ে জানিবলৈ দিয়া অনুসৰি আজি দুপৰীয়া চাৰি লগৰীয়া সহ তেওঁ লোকে নদীত গা ধুবলৈ গৈছিল আৰু সাতুৰি নদী পাৰ হৈছিল।
গা ধুই শেষত দুই জন সতীৰ্থই নাৱত পাৰ হৈছিল আৰু সুৰুজে দুই সতীৰ্থ সহ সাতুৰি নদী পাৰ হৈছিল। সুৰুজে নদীৰ মাজত ভাগ পাওঁতেই অচেতন হৈ পৰে নদীৰ বুকুত দীৰ্ঘ সময় ধৰি পাকঘূৰণি খাই ঘুৰি ফুৰে আৰু কিছূ সময়ৰ পিছত নদীত ডুব যায়। পিছত টিমনহঁতে উদ্ধাৰৰ বাবে নাওঁ লৈ গৈছিল যদিও ব্যৰ্থ হয়।
স্থানীয় লোকে নাও লৈ সন্ধান চলাই যদিও কোনো সন্ধান নাপায়। পিছত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌচনৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা অতিৰিক্ত অধীক্ষক আৰু ডিমৌ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই এছ ডি আৰ এফৰ ডুবাৰু বাহিনীলৈ নদীত সন্ধান চলাই যদিও বাতৰি লিখা পৰলৈকে সুৰুজৰ কোনো সন্ধান লাভ কৰা নাই।
Comments