দিখৌমুখ, ২৫ জানুৱাৰী: দিখৌমুখ মহাবিদ্যালয়ৰ এন এচ এচ গোটৰ উদ্যোগত আৰু দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰঘুবাৰী যুৱ সংঘৰ সহযোগত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস সফলভাৱে উদযাপন কৰে।
এন এচ এচ গোটৰ কাৰ্য্যবাহী বিষয়া চম্ফা ৱাংচুৱে আত ধৰা অনুষ্ঠান টিত সভাপতিত্ব কৰে দিখৌমুখ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল বৰুৱাই। ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপনৰ তাৎপৰ্যৰ বিষয়ে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰণ্জিত কুমাৰ বৰুৱা তথা সহ অধ্যাপক ডঃ ৰমেন কলিতা, উত্তমজিৎ বৰা, মঞ্জুলা বৰুৱা, আব্দুল মালিকদেৱেও সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰাসংগিকতা তথা বিভিন্ন আৰ্থ-সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক প্ৰত্যাহ্বান আৰু সমস্যা আৰু সজাগতা সম্পৰ্কে বহুমূলীয়া ভাষণ প্ৰদান কৰে।
উক্ত অনুস্থানতে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা সৰ্বমুঠ নগৰাকী ছাত্ৰী শিল্পি শিখা বৰা, বৰ্ণালী বৰা, স্নেহা ভূঞা, বিঞ্চুপ্ৰিয়া দত্ত, আশা কলিতা, অভিশ্ৰোতি বৰা, নবনিতা বৰা,সুশ্মিতা বৰা আৰু নিশিতা বৰাক এন এচ এচ গোটৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, মমেন্ট আৰু মানপাত্ৰ প্ৰদান কৰি সন্মানিত কৰে। সম্পূৰ্ণ কভিদ প্ৰটকলৰ লগতে অৰ্ধশতাধিক ছাত্ৰ ছাত্ৰী, অভিভাৱক তথা স্থানীয় লোকৰ উপস্থিতিৰে আৰু অসম সংগীত পৰিৱেশন কৰি অনুষ্ঠানটিৰ সমাপ্তি ঘটে।
Comments