গুৱাহাটী, ২৬ জানুৱাৰীঃ ৰাজ্যত বিগত ২৪ ঘন্টাত ৪,১৮৯ জন লোক ক'ভিড পজিটিভ হয়, যাক লৈ ৰাজ্যখনত সৰ্বমুঠ ক'ভিড আক্রান্ত লোকৰ সংখ্যা ৪১,৪৯৮ জনলৈ বৃদ্ধি হয়। বৰ্তমান ৰাজ্যখনৰ ক'ভিড পজিটিভ ৰোগীৰ হাৰ ৯.৬১ শতাংশ।
ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানলৈ ৬,৭৪৭ জন লোক ক'ভিড আৰোগ্য হৈছে ইয়াৰ লগতে ১৯ জন লোকৰ ক'ভিডৰ ফলত মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে।
ৰাজ্যখনত বিগত ২৪ ঘণ্টাত সম্পন্ন হোৱা ৪৩,৫৮৭ টা ক'ভিড পৰীক্ষাৰ ভিতৰত নতুনকৈ আক্রান্ত হোৱা লোকসকল ক্ৰমে কামৰূপ মহানগৰ সৰ্বাধিক ৯৯৮ জন, তিনিচুকীয়া ২১৯ জন, কামৰূপ গ্ৰাম্য ২১১ জন আৰু যোৰহাট ২০৮ জন।
ইপিনে, ক'ভিড আক্রান্ত হৈ মৃত্যু হোৱা ১৯ জন ৰোগীৰ কাছাৰৰ ৩ জন শোণিতপুৰ ৩ জন, ডিব্ৰুগড় ২ জন, নগাঁও ২ জন, বিশ্বনাথ ১ জন, গোলাঘাট ১ জন, যোৰহাট ১ জন, কামৰূপ মহানগৰ ১ জন, কামৰূপ গ্ৰাম্য ১ জন, কৰিমগঞ্জ ১ জন, নলবাৰী ১ জন, শিৱসাগৰ ১ জন আৰু তিনিচুকীয়া ১ জন।
অসমৰ সামগ্ৰিক ক'ভিড আক্রান্ত ৰোগীৰ সংখ্যা বৰ্তমানলৈ ৭,০২,৯০২ জন আৰু আৰোগ্যৰ সংখ্যা ৬,৫৩,৯০২ জন। ইয়াৰ লগতে আৰোগ্যৰ হাৰ হৈছে ৯৩.০০ শতাংশ।
Comments