গুৱাহাটী, ২৭ জানুৱাৰীঃ এসময়ত, হীৰা চুৰি হোৱাৰ বাবে দুখন দেশে সম্পৰ্ক ভাঙি পেলাইছে। প্ৰায় ৩০ বছৰ ধৰি দুয়োখন দেশৰ মাজত কোনো বাৰ্তালাপ হোৱা নাছিল, কিন্তু এতিয়া দুয়োখন দেশৰ বন্ধুত্বপূর্ণ সম্পর্ক গঢ় লৈ উঠিছে। যি হৈছে চৌদি আৰৱ আৰু থাইলেণ্ড। চৌদি আৰবে থাইলেণ্ডৰ ওপৰত হীৰা চুৰি কৰাৰ অভিযোগ উত্থাপন কৰে আৰু তেনেকৈয়ে দুয়োখন দেশৰ সম্পৰ্ক ভাঙি যায়। অৱশ্যে, এতিয়া দুয়োখন দেশৰ মাজত পুনৰ চুক্তি তৈয়াৰ কৰা হৈছে। দুয়োখন দেশে সম্পূৰ্ণ কূটনৈতিক সম্পৰ্ক পুনৰ আৰম্ভ কৰাৰ নিৰ্দেশ দিয়ে আৰু কয় যে, "আমি তিনি দশক ধৰি চলি থকা পুৰণি অবিশ্বাস আৰু শত্ৰুতা সমাপ্ত কৰাৰ সিদ্ধান্ত লৈছো, যি চাঞ্চল্যকৰ হীৰা আৰু গহনা চুৰিৰ ঘটনাৰ পিছত উদ্ভৱ হয়।"
থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুত চান-ওছাৰ চৌদি আৰৱলৈ চৰকাৰী ভ্ৰমণৰ সময়ত দুয়োখন দেশে এই সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৮৯ চনৰ চুৰিৰ ঘটনাৰ পিছত সম্পৰ্কৰ অৱনতি হোৱাৰ পিছত দুয়োখন দেশৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই চুৰিৰ ঘটনাৰ বাবে চৌদি আৰবে থাইলেণ্ডৰ সৈতে কূটনৈতিক সম্পৰ্ক কৰ্তন কৰিছিল। এই চুৰিৰ বাবে বহুতো ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হৈছে। এই পৰিঘটনাটোক 'নীলা হীৰাৰ কেছ' (Blue- Diamond Case) বুলি কোৱা হয়।
ৰাজকীয় প্ৰাসাদত বৈঠকৰ পিছত চৰকাৰী 'চৌদি প্ৰেছ এজেন্সি'ক দিয়া এক বিবৃতিত কোৱা হৈছে যে, চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুতৰ সৈতে আলোচনা কৰিছে আৰু চুৰিৰ কথা পাহৰি দেশসমূহৰ মাজত অৰ্থনৈতিক, নিৰাপত্তা আৰু ৰাজনৈতিক সম্পৰ্ক শক্তিশালী কৰিবলৈ সন্মত হৈছে। দুয়োখন দেশে শক্তি আৰু পেট্ৰ'কেমিকেলৰ পৰা আৰম্ভ কৰি পৰ্যটন আৰু আতিথ্যলৈকে বিভিন্ন ক্ষেত্ৰত যৌথ বিনিয়োগৰ পথ অন্বেষণ কৰিব বুলি বিবৃতিত উল্লেখ কৰা হৈছে। ইফালে, 'চৌদি আৰৱ এয়াৰলাইনছে' কয় যে, "আমি মে'ত ৰিয়াধৰ পৰা বেংককলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিম।"
নীলা হীৰাৰ ঘটনাটো ১৯৮৯ চনত সংঘটিত হৈছিল। এই ক্ষেত্ৰত, এজন থাইলেণ্ডৰ কৰ্মচাৰীয়ে ৰাজকুমাৰ ফৈজল বিন ফাহদৰ প্ৰাসাদৰ পৰা বহুতো মূল্যৱান সামগ্ৰী চুৰি কৰিছিল। য'ত ৫০ কেৰেটৰ এটা নীলা হীৰা অন্তৰ্ভুক্ত আছিল। কৰ্মচাৰীজনে তেতিয়া থাইলেণ্ডলৈ পলাই গৈ তাত এজন জুৱেলাৰক বিক্ৰী কৰে। থাইলেণ্ডৰ আৰক্ষীয়ে ঘটনাটোৰ বিষয়ে গম পাই চুৰি কৰা অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰু সৰহসংখ্যক গহনা উদ্ধাৰ কৰা হয়। ইয়াৰ পিছত, যেতিয়া চুৰি হোৱা সামগ্ৰীবোৰ চৌদি আৰৱলৈ ঘূৰাই দিয়া হয়, তেতিয়া তাত নীলা হীৰাটো পোৱা হোৱা নাছিল আৰু ঘূৰাই অনা আন গহনাবোৰৰ আধাখিনিয়ে নকল আছিল।
Comments