গুৱাহাটী, ৩১ জানুৱাৰীঃ পৃথিৱীত সকলো ধৰণৰ পোক-পতংগ পোৱা যায়। ইয়াৰে বহুতো পতংগ মানুহৰ বাবে মাৰাত্মক হিচাপে প্ৰমাণিত হ'ব পাৰে। ঠিক তেনেদৰে এইখন পৃথিৱীতে এনে এটা মকৰা পোৱা যায় যি অতিকৈ মাৰাত্মক। শেহতীয়াকৈ এনে এটা মকৰাই এগৰাকী ভ্ৰমণকাৰী মহিলাক কামোৰাৰ ফলত চিকিৎসালয়ত ভৰ্তি হৈ কোনোমতে জীৱন ৰক্ষা পৰে।
ব্ৰিটেইনৰ বাসিন্দা ৩৮ বছৰীয়া আয়না মেকনেইল যোৱা বছৰ ডিচেম্বৰত মেক্সিকোলৈ যায়। তাত তেওঁ পাহাৰত ট্ৰেকিং কৰি থাকোঁতে, তেওঁক এটা মকৰাই কামুৰে। আয়নাই তেতিয়া ইমান বেছি বিষ অনুভৱ কৰা নাছিল।
যেতিয়া আয়না লণ্ডনলৈ উভতি আহে, তাৰ পিছত তেওঁৰ স্বাস্ব্যৰ অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। মকৰাটোৱে কামোৰাৰ এদিন পিছতে, যেতিয়া আয়নাই ৰাতিপুৱা সাৰ পাই, তেওঁৰ আঁঠুত এটি ডাঙৰ ফোঁহাৰ সৃষ্টি হয়। লগতে তেওঁ বমি কৰে আৰু অসহনীয় বিষৰ সৈতে দ্ৰুতভাৱে স্বাস্থ্যৰ অৱনতি ঘটে।
আয়নাই কোনোমতে চিকিৎসকৰ ওচৰলৈ যায়। য'ত তেওঁ চিকিৎসকৰ ওচৰ পাওঁতেই দুবাৰকৈ মূৰ্ছা গৈ ধলি পৰে আৰু তীব্র কঁপনি হ'বলৈ আৰম্ভ কৰে। তেওঁক পোনপটীয়াকৈ লণ্ডনৰ ট্ৰপিকেল ডিজিজ হস্পিটেললৈ লৈ যোৱা হয়, য'ত তেওঁ খ্ৰীষ্টমাছৰ দিনটো চিকিৎসালয়ত কটাবলগীয়া হয়।
পৰৱৰ্তী সময়ত চিকিৎসালয়ত প্ৰাৰম্ভিক চিকিৎসা চলাই যোৱাত চতুৰ্থ দিনা তেওঁ সুস্থ হৈ পৰে।
Comments