গুৱাহাটী,৩০ জানুৱাৰী: যেতিয়াৰ পৰা কৰ'না দুৰ্যোগৰ ভয়াৱহতাই বিশ্ববাসীক কঁপাই তুলিছে, তেতিয়াৰে পৰা মনোৰঞ্জন প্ৰদানৰ বাবে জনসাধাৰণৰ মাজত অ’টিটি প্লেটফৰ্মৰ উন্মাদনা বৃদ্ধি পাইছে। একে সময়তে, বলীউডৰ বহুতো তাৰকাও অ’টিটি প্লেটফৰ্মলৈ ঘূৰি আহিছে। ছেইফ আলী খান, পংকজ ত্ৰিপাঠী, মনোজ বাজপেয়ী, সুস্মিতা সেন আৰু ৰবীনা টেণ্ডনৰ পিছত এইবাৰ বলীউড অভিনেতা অজয় দেৱগণে ডিজিটেল প্লেটফৰ্মত আত্মপ্ৰকাশ কৰিবলৈ আগবাঢ়িছে। অভিনেতাগৰাকীক শীঘ্ৰেই তেওঁৰ নতুন অপৰাধ থীম প্ৰজেক্ট ‘ৰুদ্ৰ – দ্য এজ অফ ডাৰ্কনেছ’ ত দেখা যাব। যাৰ ট্ৰেইলাৰ আজি মুকলি কৰা হৈছে। অভিনেতাজনে ভিডিঅ’টো তেওঁৰ টুইটাৰত শ্বেয়াৰ কৰে।
অজয় দেৱগণে এই চিৰিজখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। তেওঁক ইয়াত এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰা দেখিবলৈ পোৱা যাব। উল্লেখ্য যে, চিৰিজখনত অভিনেতাগৰাকীৰ চৰিত্ৰ হঠাতে পৰিৱৰ্তন হ’ব, য’ত তেওঁক এগৰাকী আৰক্ষী বিষয়াৰ পৰা মানসিক ৰোগীৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব। ৱেব চিৰিজখন বিবিচি ষ্টুডিঅ’ আৰু এপ্লোজ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰযোজনা কৰা হৈছে। আনহাতে, তেওঁৰ এই চিৰিজখন ইংৰাজী মনস্তাত্ত্বিক অপৰাধ চিৰিজ “লুথাৰ”ৰ হিন্দী ৰিমেক।
চিৰিজখনত অজয় দেৱগনৰ সৈতে ইষা দেওল আৰু ৰাশী খান্নাক মুখ্য চৰিত্ৰত দেখা পোৱা যাব। ‘ৰুদ্ৰ’ ডিজনী প্লাছ হটষ্টাৰত মুক্তি পাব। ইয়াৰ আগতে, অজয় দেৱগনৰ ছবি “ভুজ” খনেও অ’টিটিত মুক্তি লাভ কৰিছিল।
Comments