সোণাৰি. ২৮ জানুৱাৰী : সোণাৰি বিধান সভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে কালি সমষ্টিটোৰ অন্তৰ্গত তিনিটাকৈ গুৰুত্বপূৰ্ণ পথৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ প্ৰথমটো আধাৰশিলা সমষ্টিটোৰ অন্তৰ্গত বেঙেনাবাৰী গাওঁ পঞ্চায়ত এলেকাৰ পটী আলি আৰু একাদিক্ৰমে সোণাৰিৰ চিংল’ পথাৰত চিংল’ পথাৰ আলি আৰু সৰুপথাৰ গাওঁ পঞ্চায়ত এলেকাত ধোদৰ আলিৰ পৰা ৰহদৈ আলি সংযোগী পথৰ আধাৰশিলা কালি স্থাপন কৰা হয়।
উল্লেখযোগ্য যে , তিনিওটা আধাৰশিলা স্থাপন অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকে। পথ তিনিটা“বিশেষ বিধায়ক পুঁজি”ৰ শিতানত লোক নিৰ্মাণ পথ বিভাগ, অসমৰ দ্বাৰা নিৰ্মাণ কৰিব লোৱা হৈছে বুলি জানিব পৰা গৈছে। এই আধাৰশিলা স্থাপন অনুষ্ঠানত সোণাৰি উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তিলক চন্দ্ৰ নেওগ, বেঙেনাবাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী সীমা লাহন বড়া, সমাজকৰ্মী কাজল দে, হৰেন কাকতি, সৰুপথাৰ গাঁও পঞ্চায়তৰ সভাপতি কমল বসুমুতাৰীৰ লগতে লোক নিৰ্মাণ বিভাগৰ বিষয়া- কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ।
Comments