গুৱাহাটী,২৮ জানুৱাৰী: শনিবাৰে সন্ধিয়া নতুন দিল্লীত অনুষ্ঠিত বিটিং ৰিট্ৰিট অনুষ্ঠানত প্ৰায় ১,০০০ দেশীয় ভাৱে নিৰ্মিত ড্ৰোনেৰে লাইট শ্ব' কৰিব। ইয়াৰ ফলত চীন, ৰাছিয়া আৰু যুক্তৰাজ্যৰ পিছত ভাৰতে এই মানৱবিহীন বাহনসমূহৰ সৈতে ইমান বৃহৎ পৰিমাণৰ প্ৰদৰ্শনী সম্পাদন কৰা চতুৰ্থ খন দেশ হ'ব বুলি কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জীতেন্দ্ৰ সিঙে শুকুৰবাৰে কয়।
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনত প্ৰযুক্তি উন্নয়ন ব'ৰ্ডৰ (টিডিবি) দ্বাৰা পুঁজি যোগান ধৰা আৰু আইআইটি দিল্লীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ভাৰতীয় ষ্টাৰ্টআপ "বটলব"-এ কাইলৈ সন্ধিয়া "বিটিং ৰিট্ৰিট" অনুষ্ঠানত ১,০০০ ড্ৰোন উৰুৱাব, গণতন্ত্ৰ দিৱস সম্পৰ্কীয় প্ৰায় সপ্তাহজোৰা কাৰ্যসূচীৰ সমাপ্তি উপলক্ষে," জিতেন্দ্ৰ সিঙে কয় যে ইয়াৰ ফলত ভাৰত চতুৰ্থখন দেশ হ'ব যিয়ে ইমান ডাঙৰ এটা অনুষ্ঠান পৰিবেশ কৰিব।
Comments