চেলেংহাট, ২৮জানুৱাৰীঃ যোৰহাট জিলাৰ চেলেংহাটত কিছুদিনৰ পৰা এটা আন্তঃৰাজ্যিক মটৰ চাইকেল চুৰি চক্ৰ সক্ৰিয় হৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা মটৰ চাইকেল চোৰ কৰি এক প্ৰকাৰ সন্ত্ৰাস চলাই আহিছে।ধাৰাবাহিক ভাৱে মটৰ চাইকেল চুৰি হৈ থকাত চেলেংহাট আৰক্ষীৰ ভূমিকাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিল।
এনে সময়তে চেলেংহাট আৰক্ষীয়ে চুবুৰীয়া নগালেণ্ডত অভিযান চলাই আজি এখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ পৰা জানিব পৰা মতে গোপন সুত্ৰৰ পম খেদি টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰবীণ নেওগৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে মোককচাং জিলাৰ ইয়াচাং চি বস্তিত নগালেণ্ড আৰক্ষীৰ সহযোগত চুৰি বাইকৰ এটা ঘাটিত অভিযান চলায়।
এই অভিযানত আৰক্ষী দলটোৱে অসমৰ পৰা চুৰি হোৱা এখন হিৰ' গ্লেমাৰ বাইক উদ্ধাৰ কৰে যদিও বাইক চুৰিৰ লগত জড়িত কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল। আৰক্ষীয়ে উদ্ধাৰ কৰা এ এছ ০৩ টি ৬১৫২ নম্বৰৰ হিৰ' গ্লেমাৰ মটৰ চাইকেলখন চেলেংহাট ৰণখামৰ কৰন ভূমিজ নামৰ লোকজনৰ বুলি জানিব পৰা গৈছে। উল্লেখ যে,ব্যক্তিজনৰ মটৰ চাইকেল খন কিছুদিন পূৰ্বে টীয়ক ষ্টেট বেংকৰ সমীপৰ পৰা চুৰি হৈছিল।
Comments