তিনিচুকীয়া, ২৮ জানুৱাৰী: তিনিচুকীয়া নেহেৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ সমাৰোহ তিনিচুকীয়াস্থিত মহিলা সমিতি কাৰ্যালয়ত আজি অনুষ্ঠিত হৈ যায়৷
জিলা যুৱ সমাৰোহত তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ নিৰ্বাচিত যুৱ সংঘ সমূহক খেলৰ সামগ্ৰী প্ৰদানৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠিত কৰে৷ সভাখনৰ সভাপতিত্ব কৰে সুমন্ত বেনাৰ্জীয়ে আৰু আঁত ধৰে নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱিকা পৰশমণি মহন্তই৷ সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰি নেহেৰু যুৱ কেন্দ্ৰ তিনিচুকীয়াৰ গাণনিক বিষয়া কমলাপতি শইকীয়াই যুৱ সংঘ তথা মহিলা মণ্ডলসমূহক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ উৎসাহিত কৰাৰ অৰ্থে নেহেৰু যুৱ কেন্দ্ৰৰ তৰফৰ পৰা ক্ৰীড়া সামগ্ৰী বিতৰণৰ লগতে আলাপ আলোচনাৰ কথা উল্লেখ কৰে৷ নেহেৰু যুৱ কেন্দ্ৰৰ সমল ব্যক্তি মুকুন্দ মাধৱ বৰাই যুৱ সংঘ, মহিলা মণ্ডল আৰু বৰ্তমানৰ যুৱ প্ৰজন্মৰ কৰণীয় সম্পৰ্কে বক্তৃতা আগবঢ়ায়৷
সভাত তিনিচুকীয়া জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াৰ লগতে নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ যুৱ সংঘৰ প্ৰতিনিধিসকল উপস্থিত আছিল৷
Comments