বেইজিং, ২৮ জানুৱাৰী ঃ চীনৰ উহান ইউনিভার্ছিটি আৰু চাইনীজ অকাদেমি অব৲ ছায়েন্সেজৰ গৱেষকসকলে চলোৱা এটা অধ্যয়ন মতে, দক্ষিণ আফ্রিকাত বাদুলিবোৰৰ মাজত বিয়পা নিঅ’কভ (NeoCov) নামৰ এবিধ কৰ’না ভাইৰাছৰ যদি অধিক উৎপৰিৱর্তন ঘটে তেন্তে ভৱিষ্যতে মানুহৰ বাবে ভাবুকিৰ সৃষ্টি হ’ব পাৰে৷
অলপতে BioRxiv নামৰ প্রিপ্রিণ্ট ৰিপ’জিটৰিত প’ষ্ট কৰা অধ্যয়নটোত কোৱা হৈছে যে মিড৲ল ইষ্ট ৰেছপিৰেটৰি ছিণ্ড্রমৰ (এম ই আৰ এছ) সৈতে নিঅ’কভৰ ঘনিষ্ঠ সম্বন্ধ আছে৷ এম ই আৰ এছ ২০১২ চনত প্রথমতে ছৌডি আৰবত ধৰা পৰা এটা ভাইৰেল ৰোগ৷ কৰ’না ভাইৰাছবোৰ হ’ল ভাইৰাছবোৰৰ এটা বৃহৎ ফেমিলি, যিবোৰে সাধাৰণ পানী লগাৰ পৰা ছিভিয়েৰ একিউট ৰেছ৲পিৰেটৰি ছিণ্ড্রমলৈকে (এছ এ আৰ এছ) নানান অসুখ-বিসুখৰ সৃষ্টি কৰিব
চীনৰ উল্লিখিত প্রতিষ্ঠান দুটাৰ গৱেষকসকলে মন কৰিছে যে নিঅ’কভ দক্ষিণ আফ্রিকাত বাদুলি কিছুমানত পোৱা গৈছে আৰু এতিয়ালৈকে বাদুলিবোৰৰ মাজতে বিয়পি আছে৷ বর্তমানৰ ৰূপত মানুহৰ দেহত নিঅ’কভৰ সংক্রমণ নহয়, কিন্তু অধিক উৎপৰিৱর্তন ঘটিলে ই ক্ষতিকাৰক হ’ব পাৰে বুলি গৱেষকসকলে কয়৷
Comments