নগাঁও ঃ নিজা প্রতিবেদক, ২৮ জানুৱাৰী ঃ নগাঁৱৰ প্রাক্তন ছাত্র নেতা কীর্তিকমল বৰাক নগাঁও আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাই তোলপাৰ লগোৱাৰ পাছত ৰাজ্য চৰকাৰে গঠন কৰা অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ এজনীয়া তদন্ত কমিটীয়ে আজি নগাঁও আৱর্ত ভৱনত শুনানি গ্রহণ কৰে৷
তদন্ত কমিটীৰ সন্মুখত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্র, কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, নগাঁও আৰক্ষীৰ এণ্টি নার্কটিক স্কোৱাড, আছু, যুৱ-ছাত্র পৰিষদ, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া, নগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া, প্রাক্তন ছাত্র নেতা কীর্তি কমল বৰাৰ পিতৃ-মাতৃৰ লগতে বিভিন্ন দল-সংগঠন, প্রত্যক্ষদর্শী আৰু সচেতন ব্যক্তিয়ে সাক্ষ্য প্রদান কৰে৷
আজি পুৱা প্রায় ৯ বজাত নগাঁও আৱর্ত ভৱনত উপস্থিত হয় তদন্ত কমিটীৰ সদস্য অতিৰিক্ত মুখ্য সচিব বৰঠাকুৰ৷ বিয়লি দুই বজাত আৰম্ভ হোৱা এই শুনানিত প্রথমে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ সাক্ষ্য গ্রহণ কৰে৷ তদন্ত কমিটীয়ে তিনি ঘণ্টাৰো অধিক সময় আৰক্ষী অধীক্ষক মিশ্রৰ পৰা সমগ্র ঘটনা সন্দর্ভত সবিশেষ বুজ লোৱাৰ লগতে সাক্ষ্য গ্রহণ কৰে৷
ইয়াৰ পাছত কমিটীয়ে ঘটনাত জড়িত নগাঁও আৰক্ষীৰ এণ্টি নার্কটিক স্কোৱাডৰ দলটোৰ সাক্ষ্য গ্রহণ কৰে৷ ৮৯জনীয়া এণ্টি নার্কটিক স্কোৱাডৰ দলটোত ঘটনাৰ মূল অভিযুক্ত আৰক্ষী বিষয়া প্রদীপ বণিয়াও আছিল৷ তদন্ত কমিটীৰ আগত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, নগাঁও সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া মনোজ ৰাজবংশী, নগৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰঞ্জিত গগৈয়েও সাক্ষ্য প্রদান কৰে৷ উল্লেখযোগ্য যে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস হ’ল নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্রই বিভাগীয় তদন্ত দিয়া তদন্তকাৰী বিষয়া৷
কমিটীয়ে ঘটনাৰ দিনা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা আৰু বর্তমান নগাঁও জিলা কাৰাগাৰত থকা জাকিৰ হুছেইনকো কাৰাগাৰৰ পৰা অনাই তেওঁৰো সাক্ষ্য লয়৷ প্রাক্তন ছাত্র নেতা কীর্তি কমল বৰাৰ পিতৃ নীলকমল বৰা আৰু মাতৃ ৰাখিমণি বৰাই তদন্ত কমিটীৰ আগত ঔষধ আনিবলৈ গৈ ঘৰলৈ ওভতাৰ পথত কিদৰে আৰক্ষীৰ গুলীত তেওঁলোকৰ পুত্র চিৰদিনৰ বাবে ঘুণীয়া হ’ব লগা হ’ল তাৰ সবিশেষ বর্ণনা কৰে৷
কীর্তি কমল বৰাৰ ভাতৃ কৌস্তভ কমল বৰা আৰু ভগ্নী নিবেদিতা বৰাইও সাক্ষ্য প্রদান কৰে৷ ইপিনে, সাক্ষ্য প্রদানৰ পাছত সাংবাদিকৰ আগত কীর্তি কমল বৰাৰ পিতৃ নীলকমল বৰাই কয়, ‘মুখ্যমন্ত্রীয়ে যি এজনীয়া তদন্ত কমিটী গঠন কৰি দিছে আমি আশাবাদী৷ আমি ন্যায় পাম বুলি আশাবাদী৷ আমি ভাবোঁ তদন্ত কমিটীয়ে আমাক উচিত ন্যায় দিব৷ কীর্তি কমল বৰা দোষী হয় নে নহয় সেই কথা ইতিমধ্যে সকলোৱে গম পাইছে৷ মই আজি পুনৰবাৰ দাবী কৰিছোঁ কীর্তি কমল বৰা নিদোর্ষী৷ কীর্তি কমল যে নিদোর্ষী সেই কথা মুখ্যমন্ত্রীয়েও কেইবাবাৰো পাকেপ্রকাৰে প্রকাশ কৰিছে৷ এই ঘটনাটো সুকীয়া বুলি তেওঁ কেইবাবাৰো মন্তব্য কৰিছে৷’ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ বিৰুদ্ধে প্রচণ্ড ক্ষোভ ব্যক্ত কৰি বৰাই আৰু কয়, ‘এছ পিজনে আৰক্ষী বাহিনীক নিয়ন্ত্রণত ৰাখিব পৰা নাই৷ সেই কাৰণেই এনেকুৱা ঘটনা সংঘটিত হৈছে৷’
কীর্তিকমল বৰাৰ পিতৃয়ে কয়, ‘আমি নিবিচাৰোঁ সমাজখনক ড্রাগ৲ছে গ্রাস কৰক৷ সমাজখন নষ্ট হোৱাটো আমি নিবিচাৰোঁ৷ কিন্তু ড্রাগ৲ছ নির্মূলৰ নামত নিদোর্ষী লোকৰ জীৱন ধবংস হ’ব নালাগে৷’ সাক্ষ্য দানৰ পাছত কীর্তি কমলৰ পিতৃ-মাতৃ তথা পৰিয়ালৰ আন লোকে সংবাদ মাধ্যমৰ আগত কয়, ‘আমি তদন্তকাৰী বিষয়াৰ আগত যথাযথ মন্তব্য প্রকাশ কৰিলোঁ৷ আইন-আদালতৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস আছে৷
আশা কৰিছোঁ তদন্ত কমিটীয়ে আমাক ন্যায় দিব৷’ ইপিনে, সেইদিনা ঘটনাৰ এগৰাকী প্রত্যক্ষদর্শী তথা ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ গুলীত ঢলি পৰা কীর্তি কমল বৰাক পথৰ কাষৰ পৰা উঠাই গাড়ীত উঠোৱা স্থানীয় বিশিষ্ট ব্যক্তি নাছেৰ আহমেদে সাক্ষ্য দানৰ পাছত সংবাদ মাধ্যমৰ আগত কয়, ‘সৰুৰে পৰা ভাল ল’ৰা এটাই কেনেকৈ ড্রাগ৲ছৰ ব্যৱসায় কৰিব পাৰে?
পুলিচে আচলতে ল’ৰাটোক ফচাই দিব বিচাৰিছে৷ কিন্তু আমি তদন্তকাৰী বিষয়াক সেইদিনা ঘটা ঘটনাৰ বিষয়ে জনাইছোঁ যে কীর্তি কমলৰ নিচিনা ভাল ল’ৰা আমাৰ অঞ্চলতে নাই৷ মোৰ প্রতিটো কথাই তদন্তকাৰী বিষয়াজনে লিপিবদ্ধ কৰিছে৷
কীর্তিয়ে নিশ্চিয়কৈ ন্যায় পাব৷’ আনহাতে, জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমণি বড়াই আৱর্ত ভৱনৰ শুনানিস্থান চৌহদত উপস্থিত হৈ কয়, ‘অসমত চলা পুলিচৰাজ বন্ধ হ’ব লাগিব৷ পুলিচে এনকাউণ্টাৰৰ নামত ইতিমধ্যে বহু যুৱকৰ সোণালী জীৱন ধবংস কৰিছে৷
এই কার্য আৰু সহ্য কৰা নহ’ব৷ অসমত যাতে কীর্তি কমলৰ এনকাউণ্টাৰেই শেষ এনকাউণ্টাৰ হয়৷ ইয়াৰ যাতে আৰু পুনৰাবৃত্তি নহয় তাৰ বাবে আমি চৰকাৰক সকীয়াই দিছোঁ৷ লগতে কীর্তি কমলৰ এনকাউণ্টাৰৰ প্রকৃত দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাই দীপমণি বড়াই ভুক্তভোগী পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে৷
অসম জাতীয় পৰিষদৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক উদীপ্ত নাৰায়ণ ৰাজাই কয়, ‘আমি পূর্বৰে পৰাই ঘটনাটোৰ এক সঠিক তদন্ত কৰিবলৈ আমোলা পর্যায়ৰ তদন্তৰ পৰিৱর্তে দণ্ডাধীশ পর্যায়ৰ অর্থাৎ ন্যায়িক তদন্ত বিচাৰিছিলোঁ৷
কাৰণ পূর্বতে বহু ঘটনাৰ আমোলা পর্যায়ৰ তদন্ত হৈছে৷ কিন্তু কোনো তদন্তৰ সঠিক প্রতিবেদন প্রকাশ পোৱা আমাৰ দৃষ্টিগোচৰ হোৱা নাই৷ সেয়ে আজিৰ শুনানি লোৱা তদন্ত সমিতিৰ ওপৰত আমাৰ বিশ্বাস তেনেই কম৷’ জাতীয় পৰিষদৰ নেতাজনে কীর্তি কমলৰ পৰিয়ালৰ লোকক এটা চৰকাৰী চাকৰি দিয়াৰ লগতে ২০ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়৷
সদৌ নগাঁও জিলা ছাত্র সন্থাৰ সভাপতি আৰু সম্পাদক ক্রমে গৌৰী শংকৰ শইকীয়া আৰু অমৰজ্যোতি ফুকনে সঠিকভাৱে তদন্ত হোৱাৰ দাবী জনায়৷ তেওঁলোকে কয় যে আৰক্ষীৰ গুলীত ঘুণীয়া হোৱা প্রাক্তন ছাত্র নেতাজনে ন্যায় পাবই লাগিব৷ অসম যুৱ পৰিষদৰ নেতা কাশ্যপ ফুকনে কয় যে যোৱা ২২ তাৰিখে সংঘটিত হোৱা কীর্তি কমল বৰাৰ ঘটনাটো সঁচাকৈয়ে গৰিহণাৰ যোগ্য৷
সেয়ে আমি বিচাৰোঁ যে এই চাঞ্চল্যকৰ ঘটনাক কেন্দ্র কৰি আজি যি শুনানি প্রক্রিয়া আৰম্ভ হৈছিল সেই শুনানি প্রক্রিয়া সম্পূর্ণ নিকা আৰু স্বচছ হওক৷ লগতে নগাঁৱৰ আৰক্ষীয়ে প্রদীপ বণিয়াক সুৰক্ষা প্রদান নকৰি তেওঁক দোষী সাব্যস্ত কৰে যেন৷ নগাঁৱৰ লগতে সমগ্র অসমতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বৰ বাবে চৰকাৰ আৰু প্রশাসনক সষ্টম হ’বলৈ আমি আহবান জনালোঁ৷’
আনহাতে আজি বাতৰি লিখাৰ সময়লৈকে তদন্ত প্রক্রিয়া চলি আছে৷ তদন্তৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে কয়, ‘বর্তমানলৈকে তদন্ত প্রক্রিয়া সম্পূর্ণ হোৱা নাই৷ তদন্ত প্রক্রিয়া সমাপ্ত হ’লে মতামত দাঙি ধৰিম’৷
Comments