গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্টাৰ, ২৮ জানুৱাৰী ঃ জলসম্পদ বিভাগৰ আঁচনিসমূহে সামৰি ল’ব নোৱৰা অংশসমূহত কাম কৰিব নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণে৷ বান-খহনীয়া প্রতিৰোধৰ বাবে যাতে জলসম্পদ বিভাগে সঠিকভাৱে কাম কৰি ৰাজহুৱা পুঁজি ব্যৱহাৰ হয়, তাৰ বাবে আজি এই নির্দেশনা জাৰি কৰিছে জলসম্পদ মন্ত্রী পীয়ুষ হাজৰিকাই৷
আজি দিছপুৰৰ জনতা ভৱনৰ নিজ কার্যালয়ৰ সভাকক্ষত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ (ফ্রেমা) এখন বিভাগীয় পর্যালোচনা বৈঠকত অংশ লয়৷ এই বৈঠকতে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ আববাচিৰ উপস্থিতিত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কার্যবাহী বিষয়া ডাঃ জীৱন বিয়ে অসমৰ বান নিয়ন্ত্রণৰ বাবে কার্যকৰী হ’বলগা দুখন গুৰুত্বপূর্ণ আঁচনি সম্পর্কে বিস্তৃত ৰূপত এটা উপস্থাপন দাঙি ধৰে৷
ব্রহ্মপুত্র আৰু ইয়াৰ প্রধান উপনৈকেইখনত বান আৰু খহনীয়া নিয়ন্ত্রণৰ বাবে ৰূপায়ণ হ’বলগা এই আঁচনিসমূহ সঠিক আৰু সময় মতে ৰূপায়ণ কৰাৰ ওপৰত গুৰুত্ব দি মন্ত্রী পীয়ুুষ হাজৰিকাই ভূমি অধিগ্রহণকে ধৰি আন প্রশাসনীয় কামবোৰ ক্ষিপ্রতাৰে কৰিবৰ বাবে বিভাগীয় বিষয়াক নির্দেশ দিয়ে ৷
মন্ত্রী হাজৰিকাই জলসম্পদ বিভাগৰ বিষয়াসকলৰ পৰা বর্তমানে ৰাজ্যখনত চলি থকা বিভাগীয় কামৰো খতিয়ান লয় ৷ আনহাতে বর্তমানে চলি থকা স্থায়ী কামবোৰৰ সমান্তৰালভাৱে আহিব লগা বাৰিষাৰ বাবেও এতিয়াৰ পৰা সকলোকে সাজু হৈ থাকিবলৈ তেওঁ আহবান জনায়৷ বিশেষকৈ বাৰিষাৰ সময়ত বান নিয়ন্ত্রণৰ বাবে জৰুৰীভাৱে প্রয়োজন হোৱা সামগ্রী ক্রয় তথা স্পর্শকাতৰ অঞ্চল বাছনি কৰি তেনে অঞ্চললৈ জৰুৰীকালীন সামগ্রীৰ বিতৰণ আদি কামবোৰৰ ওপৰত এতিয়াৰ পৰা গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াক মন্ত্রীজনে নির্দেশ দিয়ে৷
Comments