গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২৮ জানুৱাৰী ঃ ১৯৯০ চনৰো আগৰ পৰা সচিবালয়ত পৰি থকা পুৰণি ফাইল অহা ফেব্রুৱাৰীৰ পৰা নিষ্পত্তি কৰিবলৈ জনতা ভৱনৰ বিষয়া-কর্মচাৰীসকলক সাজু কৰি তুলিছে ৰাজ্য চৰকাৰে৷ মিছন বসুন্ধৰাৰ আর্হিত ৰাইজৰ পৰা লাভ কৰা ফাইল নম্বৰ আৰু বিভাগীয় পত্রৰ প্রতিলিপিৰ ভিত্তিত অসম সচিবালয় তথা জনতা ভৱনত পৰি থকা ফাইলসমূহ নিষ্পত্তি কৰি ৰাইজক সুবিচাৰ দিবলৈ সদ্ভাৱনা প্রকল্প গ্রহণ কৰিছে ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে৷
এই প্রকল্পৰ শুভাৰম্ভ কৰাৰ প্রাকমুহূর্তত আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মুখ্যমন্ত্রী ড০ শর্মাই অসম সচিবালয়ৰ বিষয়া-কর্মচাৰীসকলৰ সৈতে তৃতীয়বাৰৰ বাবে মত-বিনিময় কৰে৷ উল্লেখযোগ্য যে ইতিপূর্বে মুখ্যমন্ত্রীয়ে সচিবালয়ৰ কর্মচাৰী আৰু আই এ এছ, এ চি এছ বিষয়াসকলৰ সৈতে দুখন বৈঠকত মিলিত হৈছিল৷ সদ্ভাৱনা প্রকল্প আৰম্ভ হোৱাৰ লগে লগে চতুর্থ বর্গৰ কর্মচাৰীসকলৰ লগতো মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হ’ব৷
জনসাধাৰণমুখী তথা সু-ব্যৱস্থাৰ অংশ শুভাৰম্ভ কৰিবলগীয়া সদ্ভাৱনা প্রকল্পৰ বিষয়ে হোৱা মত-বিনিময় অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয় যে নাগৰিক-কেন্দ্রিক সেৱাসমূহ সর্বতোপ্রকাৰে সফল কৰাৰ দিশত অসম সচিবালয়ৰ কর্মচাৰীসকলৰ গুৰুত্বপূর্ণ অৰিহণা আছে৷ জনসাধাৰণৰ বহু বছৰ ধৰি মীমাংসা নোহোৱা ফাইলসমূহ ৰাজ্য চৰকাৰে সূচনা কৰিব বিচৰা এই প্রকল্পৰ জৰিয়তে সুনির্দিষ্ট সময়ৰ ভিতৰত নিষ্পত্তি কৰিব বিচৰা হৈছে৷
মুখ্যমন্ত্রীয়ে কয় যে ৰাজ্য চৰকাৰে এই প্রকল্প সঠিকভাৱে ৰূপায়ণ কৰাৰ দিশত বিষয়া-কর্মচাৰীসকলক জড়িত কৰিব বিচাৰিছে৷ নাগৰিকসকল প্রশাসন ব্যৱস্থাটোৰ অন্যতম অংশীদাৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে প্রতিটো ফাইল নিষ্পত্তিকৰণৰ দিশত সংৱেদনশীলতা থাকিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে সচিবালয় হৈছে সমগ্র ৰাজ্যৰ প্রশাসন ব্যৱস্থাটোৰ প্রাণকেন্দ্র৷
সেই বাবে অসম সচিবালয়ৰ ফাইল নিষ্পত্তিকৰণৰ ব্যৱস্থাটো নিকা, দ্রুত আৰু পেছাদাৰীত্ব মনোভাবেৰে কৰিব লাগিব৷ তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰে ২০২৩ চনৰ ১০ মে’ৰ ভিতৰত অসম সচিবালয়ত থকা সকলো ফাইল নিষ্পত্তি কৰিব৷ এই সময়ছোৱাৰ ভিতৰত ই-ফাইল ব্যৱস্থাটো কার্যকৰী কৰা হ’ব বুলিও তেওঁ কয়৷ সদ্ভাৱনা প্রকল্পৰ লগতে জনতা ভৱনত স্বচছতা অভিযানো আৰম্ভ কৰা হ’ব৷ স্বচছতা জীৱনৰ অংগ আৰু এক দর্শন বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে প্রতিটো বিভাগতে স্বচছতা সুনিশ্চিত কৰাৰ দিশত বিষয়া-কর্মচাৰীসকলে আত্মনিয়োগ কৰিব লাগিব বুলিও কয়৷
মিছন বসুন্ধৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ৮ লাখ জনসাধাৰণে তেওঁলোকৰ ভূমিৰ সমস্যা নিষ্পত্তিকৰাৰ বাবে আৱেদন জনাইছে৷ ইতিমধ্যে ২ লাখ এনেধৰণৰ আৱেদন নিষ্পত্তি কৰা হৈছে৷ অহা ১০ মে’ৰ ভিতৰত আৰু ৬ লাখ আৱেদন নিষ্পত্তি কৰা হ’ব বুলিও তেওঁ কয়৷
মুখ্যমন্ত্রীয়ে কয় যে সদ্ভাৱনা প্রকল্পৰ মূল উদ্দেশ্যই হ’ল এক সঁহাৰিপূর্ণ প্রশাসন ব্যৱস্থা গঢ়ি তোলা আৰু জনসাধাৰণলৈ সহায়ৰ হাত আগবঢ়োৱা৷ সেয়েহে প্রতিগৰাকী কর্মচাৰীয়ে জনসাধাৰণৰ স্বার্থত এই প্রকল্প ৰূপায়ণৰ দিশত নিষ্ঠাসহকাৰে সহযোগিতা আগবঢ়াব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ আজিৰ এই অনুষ্ঠানত কেইবাগৰাকী উচচপদস্থ বিষয়াই অংশগ্রহণ কৰে৷
Comments