গুৱাহাটী, ২৯ জানুৱাৰীঃ প্ৰিয়ংকা চোপ্ৰাই বৰ্তমানৰ সময়ত বলীউডৰ পৰা হলীউডলৈ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। বৰ্তমানৰ সময়ত প্ৰিয়ংকাক চিনি নোপোৱা খুব কম সংখ্যক মানুহহে ওলাব। কিয়নো, তেওঁৰ সুন্দৰ অভিনয়ৰ বাবে প্ৰিয়ংকাই এই পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছে। কিন্তু এটা সময় আছিল যেতিয়া অভিনেত্ৰীগৰাকীৰ কিছুমান আচৰণৰ বাবে দেউতাক অতিকৈ বিৰক্ত হৈ পৰিছিল আৰু প্ৰিয়ংকাই ঠিক তেতিয়াই পৰিয়ালৰ সদস্যৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লয়।
বলীউডৰ দেশী গাৰ্ল হিচাপে খ্যাত প্ৰিয়ংকা চোপ্ৰাক ছ'চিয়েল মিডিয়াত অতি সক্ৰিয় ৰূপত দেখা যায়। তেওঁ প্ৰতিদিনে অনুৰাগীসকলৰ বাবে কিছুমান আকৰ্ষণীয় তথ্য ভাগ বতৰা কৰি থাকে। যি প্ৰিয়ংকাৰ অনুৰাগীসকলেও যথেষ্ট ভাল পায় আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য কৰে। কিন্তু শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কোনো পোষ্টৰ বাবে নহয় বৰঞ্চ এক তথ্য প্ৰকাশৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। অভিনেত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে যে, "মোক শৈশৱতে এটা অতি কঠোৰ শাস্তি দিয়া হৈছে।"
অভিনেত্ৰীগৰাকীয়ে এইখিনি কথা এক বাস্তৱধৰ্মী অনুষ্ঠানত প্ৰকাশ কৰে। য'ত প্ৰিয়ংকাই কয় যে, "এবাৰ মই মোৰ দেউতাৰ সৈতে ডাঙৰ মাতত বাৰ্তালাপ কৰোঁতে মোৰ পৰিয়ালবৰ্গই মোক বৰ্ডিং স্কুলত নামভৰ্তি কৰাই দিয়ে। তেতিয়া মোৰ বয়স কম আছিল, যাৰ বাবে মোক বৰ্ডিং স্কুলৰ তৃতীয় শ্ৰেণীত নামভৰ্তি কৰাই দিয়ে। ইয়াৰ লগতে, অভিনেত্ৰীগৰাকীয়ে লগতে কৈছে যে, "যেতিয়া মোৰ পৰিয়ালৰ সদস্যই মোক কথা পাতিবলৈ মাতে, মই স্পষ্টভাৱে তেওঁলোকৰ সৈতে কথা পাতিবলৈ অস্বীকাৰ কৰো। কিয়নো মই শৈশৱকালত বৰ বাকপটু আছিলো। যাৰ বাবে মোক মিথু নাম দিয়া হয়, যিটো মই একেবাৰে ভাল নাপালোঁ।
অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই আন এক প্ৰসংগত কয় যে, মই মোৰ মাহীৰ ঘৰলৈ প্ৰথমবাৰৰ বাবে আমেৰিকালৈ গৈছিলোঁ, তেতিয়া মই তালৈ যোৱাৰ লগে লগে তাত থকাৰ ইচ্ছা পূৰণ কৰো। প্ৰিয়ংকাই লগতে কয়, "এবাৰ মই মোৰ দাদাৰ সৈতে বিদ্যালয়লৈ গৈছিলো, দাদাৰ সেই সময়ত পৰীক্ষা চলি আছিল। মইয়ো সেই পৰীক্ষাত অৱতীৰ্ণ হৈ পিছত উত্তীৰ্ণ হওঁ। বিদ্যালয়খনে মোৰ লিখাখিনি ইমান ভাল পাইছিল যে বিদ্যালয়খনে মোক নামভৰ্তিৰ বাবে প্ৰস্তাৱ দিয়ে আৰু তাত মোৰ নামভৰ্তি হয়। পিছত মই আমেৰিকা বিশ্ববিদ্যালয়ৰ পৰা অধ্যয়ন কৰি বৰেলীলৈ উভতি আহোঁ।
Comments