জগদুৱাৰ, ২ ফ্ৰেব্ৰুৱাৰী ::- টীয়ক সমষ্টিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যোগেদি জল জীৱন যোজনাৰ আচঁনিৰ জৰিয়তে যি বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰিছে সেয়া টীয়ক সমষ্টিত সম্পূৰ্ণ প্ৰাককলনৰ মতে নকৰি ঠিকাদাৰ আৰু যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কায্যবাহী অভিযন্তা ধৰি সকলো বিষয়া কৰ্মচাৰী মিলি নিজৰ ইচ্ছা মতে কাম কৰা পৰিলক্ষিত হৈছে ৷গুৱাহাটী '' মা আইনা কনষ্ট্ৰাকশ্বন'' নামৰ প্ৰতিষ্ঠানটোৱে কাম সমুহ ক্ৰুতিপূৰ্ণ ভাৱে কৰি প্ৰায় ১৫ কোটি টকাৰ সিংহ ভাগ আত্মাসাৎ কৰাৰ ফন্দি পাতিছে ৷
ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে কাম সমুহ চোৱাত চিন্তামণিগড়ত কাম সমুহ প্ৰাককলন মতে নকৰাটো ধৰা পৰে ৷ পাইপ বিলাক তিনি ফুট দ কৈ পুতিব লাগিছিল যদিও সেই পাইপ সমূহ কোনো ঠাইত এক ফুট, ডেৰ ফুট বা ৮ ইঞ্চি কৈ পুতা দেখা পোৱা গল । অন্যহাতে ঘৰৰ সংযোগ দিয়াত পাইপ বিলাক একে বাৰে ওপৰতে পুতা হৈছে ৷প্ৰধানকৈ ঘৰৰ সংযোগ দিয়া টেপ বিলাকত পকাৰ যি খন প্লেট বনাই দিব লাগিছিল সেইখন মাত্ৰ ১২ টা ইটাৰে নিৰ্মাণ কৰিছে ,পাইপ সমুহও নিম্ন মানদণ্ড পাইপ দিয়াৰ ফলত পানী দিয়াৰ লগে ফাটি গৈছে ৷এই সম্পৰ্কত বিভাগীয় কত্তৃপক্ষক জনোৱাৰৰ পাছটো কোনো গুৰুত্ব প্ৰদান নকৰিল ,মাত্ৰ ঠিকাদাৰ লগত বুজা বুজি কৰি বিভাগীয় কত্তৃপক্ষই কমিছনৰ অংকত ব্যস্ত হোৱাৰ অভিযোগ উঠিছে ৷
বাতৰি কাকতলৈ প্ৰেৰিত এক বিবৃত্তিত সদৌ অসম ছাত্ৰ সন্থাা কায্যনিবাহক সদস্য জিতু নেওগে কয় জল জীৱন আচঁনিত নীতি নিয়ম সম্পূৰ্ণ ভৰিয়ে মোহাৰি ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে বিভাগক মেনেজ কৰি নিজৰ খেয়াল খুচিত কাম কৰিছে অন্য হাতে ঘোঁৰাচোৱা পানী যোগান আচঁনিতে কোনো এঘৰ মানুহেও পানী পোৱা নাই আৰু পানী দিলে পাইপ সমুহ ফাটি যায় আৰু এই আচঁনিৰ নিয়ম আছিল প্ৰতি ঘৰ মানুহৰ ঘৰত পানী যোগান ধৰিব লাগে যদিও আধাতে কাম শেষ বুলি কৈছে ঠিকাদাৰ প্ৰতিষ্ঠানটোৱে। বিভাগৰ লগত যোগা যোগ কৰিলে বিষয়টোৰ পৰা আতৰি থাকৰ অভিযোগ তুলিছে ছাত্র সন্থাই ৷ছাত্ৰ সন্থাৰ তৰফৰ পৰা উপায়ুক্ত অৱগত কৰাত বিষয়টো প্ৰয়োজনীয় ব্যৱস্থা কৰা হব বুলি জনায় ৷ছাত্ৰ সন্থাৰ স্পষ্ট মত কোনো কাৰণত অনিয়মেৰে কাম কৰিবলৈ দিয়া নহব ৷
Comments