গুৱাহাটী, ৩ ফেব্ৰুৱাৰীঃ প্ৰকৃতিৰ ফটো সংগ্রহ কৰি ভাল পোৱা লোকসকলে প্ৰায়ে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ ফটো তুলিবলৈ ভাল পায়। কিয়নো এই সময়চোৱাত সূৰ্যটো ৰঙা হৈ পৰে, যি দেখিবলৈ অতি মনোমোহা হৈ পৰে। কিন্তু কোনেও হয়টো এই সময়চোৱাত সূৰ্যৰ ৰং ৰঙা হোৱাৰ আঁৰৰ বৈজ্ঞানিক কাৰণটোৰ বিষয়ে নাজানে।
উনবিংশ শতিকাত ব্ৰিটিছ বিজ্ঞানী লৰ্ড ৰে'লী ( Lord Rayleigh) লাইট স্কেটাৰিঙৰ বিষয়ে কোৱা প্ৰথম ব্যক্তি আছিল। এই প্ৰক্ৰিয়াটো সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰি বিচ্ছুৰিত হোৱৰ ফলত হয় আৰু বিয়পিবলৈ আৰম্ভ কৰে, কিন্তু সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত এনে নহয়। মুনিচুনি আৰু দিনৰ ভাগত আকাশৰ ৰং নীলা আৰু কম পোহৰৰ সময়ত হালধীয়াৰ পৰা ৰঙচুৱা হয়৷ অৱশ্যে ইয়াত ৰমন প্ৰক্ৰিয়াৰ কথাও আহি পৰে৷
সূৰ্যৰ ৰশ্মিৰ সাতটা ৰং বেঙুনীয়া, গাঢ় নীলা, নীলা, সেউজীয়া, হালধীয়া, কমলা আৰু ৰঙা আৰু ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য সৰ্বাধিক। যেতিয়া সূৰ্য উদয় হয় বা অস্ত যায়, ই মানুহৰ চকুৰ পৰা আটাইতকৈ দূৰত থাকে, সেয়েহে ইয়াৰ ৰঙা ৰং স্পষ্টভাৱে দেখা যায়, আনহাতে কম তৰংগ দৈৰ্ঘ্যৰ বাবে আন ৬ টা ৰং দৃশ্যমান নহয়।
যেতিয়া সূৰ্য দৃশ্যমান হৈ থকা অৱস্থাতে বৰষুণ হয়, বৰষুণৰ টোপালবোৰে আকাশত এক প্ৰাকৃতিক প্ৰিজম সৃষ্টি কৰে, যাৰ ফলত পোহৰ বিচ্ছুৰণৰ প্ৰক্ৰিয়া সংঘটিত হয় আৰু ৰামধেনু সৃষ্টি হয়। ইয়াতো, সাতটা ৰঙৰ ভিতৰত, দীঘল তৰংগদৈৰ্ঘ্যৰ বাবে শীৰ্ষত ৰঙা ৰং দৃশ্যমান হয়।
Comments